ETV Bharat / state

ভূত বাংলাত পৰিণত হাইলাকান্দিৰ পশু চিকিৎসালয় - হাইলাকান্দিৰ পশু চিকিৎসালয়

স্বাস্থ্য বিভাগৰ সমান্তৰালকৈ বিকল হৈ পৰিছে ৰাজ্যৰ পশু চিকিৎসা বিভাগ । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱত ভগ্নাৱশেষত পৰিণত হৈছে হাইলাকান্দিৰ পশু চিকিৎসালয় ।

ভূত বাংলাত পৰিণত হাইলাকান্দিৰ পশু চিকিৎসালয়
author img

By

Published : Aug 27, 2019, 3:31 PM IST

Updated : Aug 27, 2019, 4:28 PM IST

হাইলাকান্দি, 27 আগষ্টঃ ভূত বাংলাত পৰিণত হৈছে হাইলাকান্দিৰ পশু চিকিৎসালয় । প্ৰয়োজনীয় আন্তঃগাঁথনি, চিকিৎসা কৰ্মীৰ অভাৱত সম্প্ৰতি পৰিত্যক্ত অৱস্থালৈ পৰ্যবসিত হৈছে চিকিৎসালয় খন । হাইলাকান্দিৰ চিপাৰসাঙ্গন অঞ্চলত থকা পশু চিকিৎসালয়ত চৰকাৰী ৰেকৰ্ড মতে তিনিজন কৰ্মী থাকিলেও চিকিৎসালয়খনত উপস্থিত হয় মাত্ৰ এজন৷

ভূত বাংলাত পৰিণত হাইলাকান্দিৰ পশু চিকিৎসালয়

উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত চিকিৎসালয়খনত পেলাই থৈছে লাখ লাখ টকাৰ মূল্যবান সামগ্ৰী । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই চিকিৎসালয়খনত চৰকাৰী সম্পত্তি বিনষ্ট হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷

Intro:SLUG :: ভূত বাংলোত পৰিণত হাইলাকান্দিৰ পশু হাস্পতাল।

Body:O/C :: স্বাস্হ্য বিভাগৰ সমান্তৰাল বিকল হৈ পৰিছে ৰাজ্যৰ পশু চিকিৎসা বিভাগো। বিভাগীয় হেমাহি আৰু প্ৰয়োজনীয় আন্তগাথনী নথকাৰ বাবে ভগ্ন দশাত পৰিণত হৈছে হাইলাকান্দিৰ এটা পশু হাস্পতাল।

Conclusion:V/O :: ভূত বাংলোত পৰিণত হাইলাকান্দিৰ পশু হাস্পতাল। নাই প্ৰয়োজনীয় অান্তগাথনী, নাই চিকিৎসা কৰ্মী নাই চিকিৎসালয়ৰ সাইনবোৰ্ড ও।আন্তগাথনীৰ অভাবত নষ্ট হৈছে মূল্যবান ঔষধ। হাইলাকান্দি জিলাৰ চিপাৰসাঙ্গন অঞ্চলত থকা পশু চিকিৎসালয়ৰ দৃশ্য এয়া। সংস্কাৰৰ অভাবত এনেই ভূত বাংলোৰ ৰূপ লৈছে এইখন হাস্পতালে। এনে ভগ্নদশাত বিগত দশ বছৰৰ পৰা চলিছে হাস্পতালখন। হাস্পতালত নাই প্ৰয়োজনীয় চিকিৎসা কৰ্মী। চৰকাৰী ৰেকৰ্ড মতে ইয়াত তিনিজন কৰ্মী থকাৰ উল্লেখ থাকিলেও উপস্হিত হয় মাত্ৰ এজন। উপযুক্ত আন্তগাথনীৰ অভাবত এনে পেলাই থৈছে লাখ লাখ টকা মূল্যৰ ঔষধ। বিভাগীয় হেমাহিৰ বাবে এনেই বিনষ্ট হৈছে এটাৰ পিছত এটা চৰকাৰী সম্পত্তি।

byte :: local

#####
Last Updated : Aug 27, 2019, 4:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.