হাইলাকান্দি,10 জানুৱাৰী: হাইলাকান্দিত পথ নিৰ্মানৰ নামত ব্যাপক কেলেংকাৰী ৷ কিছুদিন পূৰ্বে জিলাখনৰ কাটলিছড়া সমষ্টিত আব্দুলাপুৰৰ পৰা নতুন বজাৰ পৰ্যন্ত পথৰ কাম আৰম্ভ কৰা হৈছিল ৷ প্ৰায় 2 কোটি 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ’বলগীয়া এই পথছোৱাৰ কাম চলি থকাৰ মাজতে চপৰা চপৰে খহি যায় পঁকী পথ ৷ যাৰ বাবে স্থানীয় ৰাইজে বন্ধ কৰে পথৰ নিৰ্মানকাৰ্য ৷
কিন্তু ৰাইজে বাধা আৰোপ কৰাৰ পিছতে ঠিকাদাৰে গুণ্ডাবাহিনী লগাই পুনৰ আৰম্ভ কৰে কাম ৷ ইয়াৰ পিছতেই উপায়ন্তৰ ৰাইজে এইক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণৰ বাবে চৰকাৰ তথা হাইলাকান্দি জিলা প্ৰশাসনক আহ্বান জনাইছে ৷ অতিশীঘ্ৰে এই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত সময়ত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ৰাইজৰ ৷
লগতে পঢ়ক-ডিব্ৰুগড়ৰ লাৰুৱাত ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণত কেলেংকাৰী