গোলাঘাটত সাতখন জিলাৰ ন্যায়িক বিষয়াৰ কৰ্মশালা - গোলাঘাট
'আৰণ্যক'ৰ উদ্যোগত গোলাঘাটৰ সতী সাধনী কলা ক্ষেত্ৰত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় কৰ্মশালা ৷ সাম্প্ৰতিক সময়ত অসমৰ বন্যপ্ৰাণী জনিত অপৰাধ, ইয়াৰ বাণিজ্য আৰু এই ক্ষেত্ৰত ন্যায়ালয়ৰ দায়িত্ব সন্দৰ্ভ আলোচনা কৰা

গোলাঘাট, 15 চেপ্তেম্বৰঃ গোলাঘাটত ন্যায়িক বিষয়াৰ কৰ্মশালা ৷ উজনিৰ সাতখন জিলাৰ ন্যায়িক বিষয়াই অংশগ্ৰহণ কৰে কৰ্মশালাখনত ৷ 'আৰণ্যক'ৰ উদ্যোগত গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় কৰ্মশালা ৷ সাম্প্ৰতিক সময়ত অসমৰ বন্যপ্ৰাণীজনিত অপৰাধ, ইয়াৰ বাণিজ্য আৰু এই ক্ষেত্ৰত ন্যায়ালয়ৰ দায়িত্ব সন্দৰ্ভত আলোচনা কৰা ৷ তাৰোপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস, ওৰাং, পবিতৰা, গিবনৰ বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু চোৰাং চিকাৰী ৰোধৰ ওপৰত বিশেষ আলোচনা হয় ।
আনহাতে, কৰ্মশালাত গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লক্ষীমপুৰ আৰু শোণিতপুৰৰ জিলা ন্যায়িক দণ্ডাধীশ উপস্থিত থকাৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱা আৰু এন কটেশ্বৰ সিঙে অংশগ্ৰহণ কৰে ৷
Body:সাম্প্ৰতিক সময়ত অসমৰ বন্যপ্ৰাণী জনিত অপৰাধ , ইয়াৰ বানিজ্য আৰু এই ক্ষেত্ৰত ন্যায়ালযৰ দায়িত্ব সন্দৰ্ভত গোলাঘাটত আজি অনুষ্ঠিত হয় সাতখন জিলাৰ ন্যায়িক বিষয়া সকলৰ কৰ্মশালা । আৰণ্যক আৰু অসম ন্যায়িক সেৱা প্ৰাধীকৰণৰ উদ্যোগত গোলাঘাটৰ সতী সাধনী কলা ক্ষেত্ৰত দিন যোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে কৰ্মশালা খনি । উল্লেখ্য যে বন্যপ্ৰাণী অপৰাধৰ ৰোধৰ ক্ষেত্ৰত যাতে ন্যায় প্ৰক্ৰিয়া অধিক কঠোৰ হয় তাৰ বাবে আৰণ্যকে অসমৰ ন্যায়িক বিষয়া , অসমৰ আৰক্ষী বিভাগ , বন বিভাগ , অসমৰ জনতাৰ লগত ইতিমধ্যে বহু সজাগতা মূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে । গোলাঘাটত আয়োজিত এই কৰ্মশালা খনিৰ জৰিয়তে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত যঠেষ্ট প্ৰভাৱ পেলাব বুলি আশা কৰিছে আৰণ্যকে । কৰ্মশালাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱা আৰু এন কটেশ্বৰ সিঙে অংশগ্ৰহণ কৰে । ইয়াৰোপৰি গোলাঘাট , যোৰহাট , শিৱসাগৰ , ডিব্ৰুগড় , তিনিচুকীয়া , লক্ষীমপুৰ আৰু শোণিতপুৰৰ জিলা ন্যায়িক দণ্ডাধীশ সকল উপস্থিত থাকে । কৰ্মশালাত মূলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান , মানস , ওৰাং , পবিতৰা , গিবনৰ বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু চোৰাং চিকাৰী ৰোধৰ ওপৰত বিশেষ আলোচনা হয় ।
ইয়াৰোপৰি গোলাঘাট , যোৰহাট , শিৱসাগৰ , ডিব্ৰুগড় , তিনিচুকীয়া , লক্ষীমপুৰ আৰু শোণিতপুৰৰ জিলা ন্যায়িক দণ্ডাধীশ সকল উপস্থিত থাকে । কৰ্মশালাত মূলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান , মানস , ওৰাং , পবিতৰা , গিবনৰ বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু চোৰাং চিকাৰী ৰোধৰ ওপৰত বিশেষ আলোচনা হয় ।
--Conclusion:Byte-- বিভৱ তালুকদাৰ , আৰণ্যক
গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম