ETV Bharat / state

নুমলীগড়ত প্ৰকৃতিৰ অনুপম উপহাৰ - আকৰ্ষণৰ কেন্দ্ৰবিন্দু দুই ভেলৌ গছ

গোলাঘাটৰ নুমলীগড়ৰ দুজোপা বিশাল গছে আকৰ্ষিত কৰিছে বহু পথচাৰীক ৷ বহু পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে দুজোপা বিশেষ গছ ৷

নুমলীগড়ত প্ৰকৃতিৰ অনুপম উপহাৰ
নুমলীগড়ত প্ৰকৃতিৰ অনুপম উপহাৰ
author img

By

Published : Feb 3, 2020, 8:26 PM IST

Updated : Feb 4, 2020, 12:05 AM IST

গোলাঘাট, 3 ফেব্ৰুৱাৰীঃ গোলাঘাটৰ নুমলীগড়ৰ দুজোপা বিশাল গছে এতিয়া আকৰ্ষিত কৰিছে বহু পথচাৰীক ৷ এক দীৰ্ঘদিনীয়া ইতিহাস বহন কৰি আহিছে দুই ভেলৌ গছে । কাৰণ দশক-দশক ধৰি এই গছ দুজোপাতেই বাহ লৈছে অসংখ্য মৌ মাখিয়ে ।

39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে এই ভেলৌ গছ দুজোপা । দেওপাহাৰত অৱস্থিত এই গছ দুজোপাত ওলমি থকা শ-শ মৌ বাহে মনোমোহা কৰি তুলিছে সমগ্ৰ পৰিৱেশ । প্ৰায় 80 বছৰীয়া গছ দুজোপাত থকা মৌ মাখিৰ গুণ গুণনিয়ে সুশোভিত কৰি ৰাখে সমগ্ৰ দেওপাহাৰ ।

ভেলৌ গছত থুপে-থুপে মৌ বাহ
ভেলৌ গছত থুপে-থুপে মৌ বাহ

ইপিনে মৌপিয়া চৰাইয়ে মৌ পান কৰিবলৈ মৌচাক সমূহত সঘনাই আক্ৰমণ কৰাৰ ফলত মৌচাক সমূহ তলত পৰি ৰয় । ফলত বহু পথচাৰীৰ মাজত মৌচাকৰ সোৱাদ ল'বলৈ হেতা-ওপৰা লাগে ৷

বহু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দুজোপা বিশেষ গছ

শাওন মাহৰ পৰাই মৌ মাখিয়ে ফুলৰ ৰস সঞ্চয় কৰি সাজি উলিয়াই মৌ-চাক । শাওন মাহৰ পৰা ফাগুনলৈকে ভেলৌ গছ দুজোপাত শ-শ মৌ মাখিয়ে বাহ সাজি সুশোভিত কৰি ৰাখে পৰিৱেশ । দশক দশক ধৰি এইদৰে ইতিহাস বহন কৰি আহিছে এই ভেলৌ গছ দুজোপাই ।

Intro:গোলাঘাটৰ দুজোপা বিশাল গছে দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ। ভেল' গছ দুজোপাত উলমি থকা শ শ মৌবাহ পথচাৰী আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে গোলাঘাটৰ নুমলীগড়ত।

Body:প্ৰকৃতিৰ এক সুন্দৰ উপহাৰ। ঐতিহাসিক দুজোপা ভেল' গছে বহন কৰিছে ইতিহাস। দশক দশক ধৰি গছ দুজোপাত উলমি থাকে শ শ মৌ বাহ। গোলাঘাট জিলাৰ নুমলীগড় দেওপাহাৰত অৱস্থিত ভেল' গছ দুজোপাত শ শ মৌ বাহ উলমি থকা দৃশ্যই মনোমোহা কৰি তোলে সমগ্ৰ পৰিৱেশ। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দেখা যায় ভেল' গছ দুজোপা। প্ৰায় ৮০ বছৰীয়া গছ দুজোপাত সুদীৰ্ঘ সময় ধৰি মৌৰ গুণ গুণনীয়ে সুশোভিত কৰি ৰাখে সমগ্ৰ দেওপাহাৰ। ঘাইপথেৰে আহযাহ কৰা পথচাৰী তথা দেওপাহাৰলৈ অহা পৰ্যটকক মৌ বাহ কেইটাই মনোমোহা কৰি তোলে। ভেল' গছ দুজোপাৰ তল অংশৰ বিভিন্ন গছত মৌচাক পৰি উলমি থকাৰ উপৰিও ৰাজপথৰ কাষত পৰি থাকে মৌচাক। বাটেৰে আহযাহ কৰা পথচাৰীয়ে মৌচাকৰ সুৱাদ লবলৈ ও বিচাৰে। ভেল' গছত থকা মৌচাকৰ সুৱাদ লবলৈ বিভিন্ন চৰাইয়ে মৌচাক সমূহত আক্ৰমণ কৰাৰ ফলত তলত পৰি ৰয় মৌচাক সমূহ। শাওন মাহৰ পৰা গছজোপাত মৌমাখিয়ে ফুলৰ ৰস সঞ্চয় কৰিবলৈ আৰু পোৱালি জগাবলৈ মৌবাহ সাজি উলিয়াই। শাওন মাহৰ পৰা ফাগুন লৈকে ভেল' গছ দুজোপাত শ শ মৌমাখিয়ে মৌবাহ সাজি সুশোভিত কৰি ৰাখে পৰিৱেশ। ফাগুন মাহৰ পিছত গছ দুজোপাত মৌবাহ কিছু কম দেখা যায়। তথাপিও গোটেই বছৰ কম পৰিমাণে মৌমাখিয়ে গছজোপাত নিজৰ অধিকাৰ সাব্যস্ত কৰি ৰাখে। দশক দশক ধৰি ইতিহাস বহন কৰি আহিছে এই ভেল' গছ দুজোপাই। পুৰাতত্ব বিভাগে দেওপাহাৰত অৱস্থিত ভাস্কৰ্যৰ ভগ্নাৱশেষ সংৰক্ষিত কৰিছে যদিও প্ৰকৃতিৰ উপহাৰ স্বৰূপ ভেল' গছ দুজোপাৰ ঐতিহাসিক কাৰ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে যুগমীয়া হব মৌমাখিৰ এই দুৰন্ত যুদ্ধ।

Conclusion:Byte 1: স্থানীয় ব্যক্তি।
Byte 2: স্থানীয় ব্যক্তি।
Byte 3: স্থানীয় যুৱক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
Last Updated : Feb 4, 2020, 12:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.