ETV Bharat / state

1 বজাৰ শীৰ্ষ বাতৰি - 1 বজাৰ শীৰ্ষ বাতৰি

1 বজাৰ শীৰ্ষ বাতৰি

top 10 at 1 pm
1 বজাৰ শীৰ্ষ বাতৰি
author img

By

Published : Nov 23, 2021, 1:05 PM IST

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী

2020 চনৰ আজিৰ দিনটোতে ইহ সংসাৰৰ পৰা মেলানি মাগিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ আজি তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকী ৷

Srimanta Sankaradeva University of Health Sciences: ধ্ৰুৱজ্যোতি বৰাক উপাচাৰ্য নিযুক্তি

ৰাজ্য চৰকাৰে ডাঃ ধ্ৰুৱজ্যোতি বৰাক শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে । ড৹ বৰাই বিশ্ববিদ্যালয়খন নতুন ধৰণে শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ বাবে ইতিমধ্যে পৰিকল্পনা গ্ৰহণ কৰিছে ৷

Tripura Violence : জামিন লাভ কৰিলে চায়নি ঘোষে

ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে আটক কৰা তৃণমূল কংগ্ৰেছৰ যুৱ মৰ্চাৰ সভাপতি চায়নি ঘোষক জামিন প্ৰদান ৷ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰে তৃণমূল নেত্ৰী গৰাকীক ৷

Congress Mega Rally : কৃষকৰ সমস্যা-মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছৰ সমদল

কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ পাছতো সন্তুষ্ট হোৱা নাই বিৰোধী কংগ্ৰেছ দল । কংগ্ৰেছৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ব দেশৰ ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ । কৃষকৰ সমস্যাৰ লগতে মূল্যবৃদ্ধি বিষয়টোও স্থান পাব কংগ্ৰেছৰ প্ৰতিবাদী সমদলত ।

মহাকৰ্ষণীয় ক্ষেত্ৰত ইলেক্ট্ৰ’ন, প্ৰট’ন, নিউট্ৰ’ন আৰু নিউট্ৰিন’ৰ পৰ্যায় পৰিৱৰ্তন

ভাৰতীয় দুই গৱেষকৰ এক সমীক্ষাত পোহৰলৈ আহিছে যে, লেকট্ৰ’ন, প্ৰট’ন, নিউট্ৰ’ন, নিউট্ৰিন’ আদি কণাসমূহৰ (Particles) কিছুমান সালসলনি কেৱল চুম্বকীয় ক্ষেত্ৰৰ সলনি হোৱাৰ ফলতেই নহয়, ই মধ্যাকৰ্ষণ ক্ষেত্ৰৰ উপস্থিতিৰ ফলতো হ’ব পাৰে ৷ গৱেষক দ্বয়ৰ এই উদ্ভাৱনে কোৱাণ্টাম পৰিঘটনাৰ (quantum Phenomena)ক আৰু অধিক ভালদৰে বুজাত সহায়ক হ’ব ৷

Deadbody recovered in hatigaon : তলাবন্ধ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ

মহানগৰীত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ(Deadbody recovered in hatigaon) ৷ তলাবন্ধ এটা কোঠাত উদ্ধাৰ হৈছে মিলন ছেত্ৰী নামৰ যুৱকজনৰ মৃতদেহ ৷ বিগত 18 নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল মিলন ৷

বঢ়মপুৰত বৃহৎ বন্যহস্তীৰ জাকৰ বিচৰণ

নগাঁৱৰ বঢ়মপুৰত সোমবাৰে নিশাৰ ভাগত দেখা যায় এটা বৃহৎ বন্যহস্তীৰ জাক(Wild Elephant Roaming) । বঢ়মপুৰৰ বালিজুৰিৰ হস্তীদণ্ডীৰে কাৰ্বি পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিছে প্ৰায় 200 জনীয়া বনৰীয়া হাতীৰ জাকটো ৷ জাকটোত আছে বহু কেইটা পোৱালী । চাপানালা-বামুণী সংযোগী ৰাজপথৰে পাৰ হৈ যোৱাৰ দৃশ্য বন্দী হয় সাংবাদিকৰ কেমেৰাত । ৰাজপথ অতিক্ৰমী বৃহৎ জাকটো চলচলি, জলাহ আদি নিকটৱৰ্তী গাঁৱসমূহৰ পথাৰত মাজনিশা উপদ্ৰৱ চলোৱাৰ আশংকা ব্যক্ত কৰিছে প্ৰত্যক্ষদৰ্শীসকলে । চাওক এই প্ৰতিবেদন...

চামগুৰিত উচ্ছেদ চলাৰ ইংগিত দিলে মন্ত্ৰী যোগেন মহনে

ভূমি সংক্ৰান্তীয় সেৱাৰ বাবে "ড'ৰ ষ্টেপ ডেলিভাৰি"(Door step delivery system)ৰ ব্যৱস্থা ৷ সোমবাৰে চামগুৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী যোগেন মহন (Jogen Mahan visited Samaguri Circle Office) ৷ "মিচন বসুন্ধৰা"ৰ অধীনত ৰাজ্যত এই পৰ্যন্ত দুই লক্ষাধিক ভূমি সংক্ৰান্তীয় আবেদন গ্ৰহণ কৰা হৈছে বুলি কয় ৷

গুৱাহাটীত ক’ভিড সংক্ৰমণ হ্ৰাস নোহোৱাত চিন্তিত পল্লৱ গোপাল ঝা

ক’ভিডৰ সংক্ৰমণ হ্ৰাস নোহোৱাৰ বাবে পুণৰ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । জিলাখনৰ আন আন স্থানৰ লগতে বস্তি এলেকা তথা স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে জিলা উপায়ুক্ত গৰাকীয়ে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক অপসাৰণ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক ৰাজ্যপালে কৰিলে অপসাৰণ । এক দীঘলীয়া ন্যায়িক যুঁজৰ অন্তত সোমবাৰে অপসাৰিত কৰা হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এসময়ৰ বিৰ্তকিত উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.