গোলাঘাট, 26ছেপ্টেম্বৰ: আজি গোলাঘাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ ভাৰত চৰকাৰে গৃহীত কৰা কৃষক আইনৰ বিৰোধিতা কৰি সংগঠন দুটাই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ জিলাখনৰ বেজবৰুৱা পইন্টত প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে পৰিবেশ । প্ৰতিবাদকাৰীসকলে কৃষক আইনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজ আৰু কৃষক জুৰুলা কৰাৰ অভিযোগ উত্থাপন কৰে ।
কেন্দ্ৰ চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী গ'বেক আদি ধ্বনিৰে উত্তাল কৰি তোলা প্ৰতিবাদকাৰী সকলে এই আইন কেতিয়াও মানি লোৱা নহ'ব বুলি দাবী জনায় ৷ অন্যথা চৰকাৰ ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷
অন্য এক খবৰৰ বাবে: ভূমিস্খলনত মৃত্যু দুই মহিলা ক্ৰিকেটাৰৰ , তিনি সন্ধানহীন