ETV Bharat / state

stone crusher pollution : প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ নিৰ্দেশনা অমান্য একাংশ ষ্ট'ন ক্ৰেচাৰৰ

author img

By

Published : Nov 21, 2021, 10:01 PM IST

প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ নীতি-নিৰ্দেশনাক সম্পূৰ্ণৰূপে অমান্য কৰি ধনশিৰি মহকুমাটোৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচঘৰীয়া, ৰেংমাই আদি অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ষ্ট'ন ক্ৰেচাৰ(stone crusher) ।

stone crusher pollution
প্ৰদূষণ নিয়ন্ত্রণ বৰ্ডৰ নিৰ্দেশনাক অমান্য কৰিছে সৰুপথাৰৰ একাংশ ষ্ট'ন ক্ৰেচাৰে

সৰুপথাৰ, 21 নৱেম্বৰ : ধনশিৰি মহকুমাৰ সৰুপথাৰত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ষ্ট'ন ক্ৰেচাৰ(stone crusher) । প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ড(Pollution Control Board)ৰ নীতি-নিৰ্দেশনাক সম্পূৰ্ণৰূপে অমান্য কৰি মহকুমাটোৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচঘৰীয়া, ৰেংমাই আদি অঞ্চলত গঢ়ি উঠিছে ষ্ট'ন ক্ৰেচাৰ(stone crusher) ।

প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ড(Pollution Control Board)ৰ নীতি অনুসৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ষ্ট'ন ক্ৰেচাৰ(stone crusher) সমূহে । ষ্ট'ন ক্ৰেচাৰ কেইটাৰ চাৰিসীমাত থাকিব লগা পকী দেৱালৰ পৰিৱৰ্তে আছে বাঁহৰ বেৰা । ধূলি নিয়ন্ত্রণৰ বাবে নাই কোনো পানীৰ ব্যৱস্থা । প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ড(Pollution Control Board)ৰ নিৰ্দেশনা মানি ৰোৱা নাই গছ পুলিও ।

প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ নিৰ্দেশনা অমান্য একাংশ ষ্ট'ন ক্ৰেচাৰৰ

যাৰ ফলত ষ্ট'ন ক্ৰেচাৰ(stone crusher)ৰ ওলোৱা ধূলিয়ে সমীপৰ কৃষি ভূমি নষ্ট কৰাৰ লগতে জনজীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি । ক্ৰেচাৰে সৃষ্টি কৰা প্ৰদুষণৰ বাবে বহু লোক দুৰাৰোগ্যত আক্রান্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় কেইবাটাও দল-সংগঠনে ।

লগতে পঢ়ক: Project Sadbhavana : জনতা ভৱনত ব্যাপক তৎপৰতা

কৃষি ভূমিৰ লগতে জনবসতি থকা অঞ্চলত ষ্ট'ন ক্ৰেচাৰ স্থাপন কৰিবলৈ অনুমতি দিয়া কার্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে আছু, চুতীয়া ছাত্ৰ সন্থা, আমছু আদি সংগঠনে । ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, বন বিভাগ আৰু গাঁও পঞ্চায়তে জনবসতিপূর্ণ আৰু কৃষি ভূমি থকাৰ পিছতো ষ্ট'ন ক্ৰেচাৰ খুলিবলৈ অনুমতি দিয়া কার্যত জাঙুৰ খাই উঠিছে সংগঠন কেইটাৰ নেতা-কৰ্মী ।

উল্লেখ্য যে, সংগঠন কেইটাই ষ্ট'ন ক্ৰেচাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ধনশিৰি মহকুমা প্ৰশাসনক । অন্যথা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে সংগঠন কেইটাই ।

লগতে পঢ়ক: Nagaland CM in Jorhat : যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে বৈঠক নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.