ETV Bharat / state

ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ সৈতে সংবাদকৰ্মীৰ আলোচনা

সমাজত শান্তি-সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত একেলগে কাম কৰি যোৱাৰ উদ্দেশ্যেৰে শনিবাৰে সংবাদকৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় ধনশিৰি মহকুমাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা । মহকুমাটোত সংঘটিত হৈ থকা অপৰাধজনিত ঘটনা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আৰক্ষী বিষয়াজনে লোৱা পদক্ষেপৰ সকলোৱে শলাগ লয় ।

SDPO of Dhanshiri holds meeting with Dhansiri Reporter Association
ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ সৈতে সংবাদকৰ্মীৰ আলোচনা
author img

By

Published : Jul 3, 2021, 7:48 PM IST

সৰুপথাৰ, ৩ জুলাই: শনিবাৰে ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সদস্যসকলৰে আলোচনাত মিলিত হয় মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা । দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাৰ সভাপতিত্ব কৰে ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাখমুদ আলীয়ে । সভাত নৱনিযুক্ত আৰক্ষী বিষয়াজনক সৰ্ম্বধনা জনোৱা হয় । মহকুমাটোত সংঘটিত হৈ থকা ড্ৰাগছ, দেশীয় সুৰাৰ অবৈধ বেহা ৰোধ কৰা ক্ষেত্ৰত আৰক্ষী বিষয়াজনে লোৱা পদক্ষেপৰ সকলোৱে শলাগ লয় ।

অনাগত দিনত মহকুমাটোত শান্তি-শৃংখলা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আৰক্ষীৰ লগত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংবাদিকসকলে । আৰক্ষী বিষয়াগৰাকীয়েও বিভিন্ন আইন শৃংখলাজনিত বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতা বিচাৰে ৷ সভাত গোলাঘাট জিলাৰ সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক দ্বীপেন কুমাৰ বৰা, ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক অৱনী শৰ্মা, জেষ্ঠ সাংবাদিক মানিক শৰ্মাৰ উপৰিও মহকুমাটোৰ বহুকেইজন সংবাদকৰ্মী উপস্থিত থাকে ৷

আৰক্ষী আৰু সংবাদকৰ্মীৰ সহযোগিতাত অঞ্চলটোত যিকোনো অপৰাধজনিত ঘটনা সংঘটিত হোৱা বাধা দিব পৰা যাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:অসম চাহ পৰিষদৰ নতুন তত্বাৱধায়ক হিচাপে নিযুক্তি পোনাকণ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.