সৰুপথাৰ,18জুন : পত্নীক নিৰ্যাতন স্বামীৰ । স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি দুবছৰীয়া কন্যা সন্তান বুকুত সাৱতি পিতৃগৃহত উপস্থিত হ'ল পত্নী । এই ঘটনা সৰুপথাৰৰ শ্ৰমিক গাঁৱৰ । শ্ৰমিক গাঁৱৰ বাসিন্দা মণ্টু শইকীয়াই সামাজিক প্ৰথাৰে বিয়া কৰাই অনা পত্নীক বিয়াৰ পাছৰ পৰাই যৌতুকৰ বাবে চলায় গৈছিল নিৰ্যাতন । মণ্টুৱে পত্নীক শাৰীৰিক আৰু মানসিক ভাৱে অত্যাচাৰ চলোৱাৰ লগতে পত্নী গৰ্ভৱতী অৱস্থাতো চলায় গৈছিল নিৰ্যাতন । মন্টুৰ এই অত্যাচাৰ সহিব নোৱাৰি পত্নীয়ে আইনৰ কাষ চাপি নীতিগত ভাৱে দুয়োজন পৃথক হৈছিল যদিও ধৃত মন্টুৱে বিবাহ-বিচ্ছেদৰ পাছতো ফোনযোগেৰে পুনৰ পত্নীক চলায় যায় অত্যাচাৰ । ইফালে,মণ্টু শইকীয়াই পত্নীৰ ফেচবুকত ভুৱা একাউন্ট খুলি পত্নীৰ অশ্লীল ফটো আপলোড কৰি পত্নী আৰু পত্নীৰ পৰিয়ালক বিভিন্ন ভয়-ভাবুকি দেখুৱাৰো অভিযোগ উত্থাপিত কৰি আহিছে মহিলাগৰাকীৰ পৰিয়ালে । স্বামীৰ এই কু-কাৰ্যৰ বাবে পত্নীয়ে চুঙাজান আৰক্ষীৰ থানাত দাখিল কৰে এক গোচৰ ।
আনহাতে, ধৃত মণ্টুৱে মানৱসৰবৰাহৰ দৰে অপৰাধ কাৰ্য কৰি আছে বুলি অভিযোগ উত্থাপন কৰিছে পত্নীয়ে ।