গোলাঘাট, ৯ জুলাইঃ গোলাঘাটৰ বৰপথাৰত আজৱ ঘটনা । দমকলৰ পাইপেৰে ওলাইছে তেল । অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ।
গোলাঘাটৰ বৰপথাৰ প্ৰবীন বৰা নামৰ ব্যক্তি গৰাকীৰ ঘৰত থকা এটি পুৰণি টিউৱেল উঠাই দিয়াত তাৰ পৰা কিছুমান তেল জাতীয় বুৰবুৰনি দেখা পোৱা যায় | তেল নে পানী বুলি সন্দেহ হৈ পৰিয়ালৰ এজন লোকে জুইশলাৰ কাঠি মাৰি দিয়াত জ্বলি উঠে দমকলৰ পৰা পদাৰ্থ খিনি । ঘটনাটো প্ৰত্যক্ষ কৰি পৰিয়াল তথা ৰাইজ স্পষ্ট হৈ পৰে যে, সেই বুৰবুৰনি খিনি প্ৰাকৃতিক গেছ । ঘটনাটো হাইস্কুল তিনি আলি সমীপতে এই ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । কাৰণ সেই অনুষ্ঠাটোতে আছে তিনিখনকৈ স্কুল, বিভিন্ন দোকান । এই সন্দৰ্ভত ETV BHARAT ত এটি বাতৰিও প্ৰকাশ পাইছিল কিন্ত এতিয়া পৰ্যাপ্ত ONGC তথা কোনো গেছ কোম্পানীৰ মানুহ আহি পৰীক্ষা নিৰীক্ষা কৰা পৰিলক্ষিত হোৱা নাই । কিন্তু ক্ৰমান্বয়ে বৃদ্ধিহে পাইছে তেল জাতীয় পদাৰ্থ ওলোৱাৰ । গতিকে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যে, অতি শীঘ্ৰে গেছ কোম্পানীৰ লোকৰ লগতে প্ৰশাসনৰ লোক আহি যাতে পৰীক্ষা নিৰিক্ষা কৰি সুব্যৱস্থা কৰি দিয়ে । কাৰণ বৰ্তমান অঞ্চলটোৰ ৰাইজৰ মনত ভয়-শংকাত আতংকিত হৈ পৰিছে । যদি এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া কিন্তু এক ভয়ংকৰ ঘটনা সংঘটিত হব বুলি শংকিত হৈছে ৰাইজ ।
লগতে আন এটা বাতৰি - জাপানীজ এনকেফেলাইটিছ : ঔষধ যোগানত ব্যৰ্থ স্বাস্থ্য বিভাগ