ETV Bharat / state

দেৰগাঁৱত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Apr 8, 2021, 6:58 PM IST

গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিং চাৰিআলিত এখন ইটা ভৰ্তি AS-03 AC-1069 নম্বৰৰ এখন 407 বাহন আৰু AS 0 K 5568 এখন স্কুটীৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত নিহত হয় পুৰন সিং চাহী নামৰ ব্যক্তি গৰাকী ৷

দেৰগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন
দেৰগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন

গোলাঘাট,8 এপ্ৰিল: গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিং চাৰিআলিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এখন ইটা ভৰ্তি AS 03 AC-1069 নম্বৰৰ 407 বাহন আৰু AS 0K 5568 এখন স্কুটীৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো । এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় স্কুটী আৰোহী গৰাকী ৷

দেৰগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন

স্থানীয় ৰাইজৰ তৎপৰতাত 108 জৰুৰীকালীন সেৱাৰ জৰিয়তে দেৰগাঁৱৰ ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়লৈ স্কুটী আৰোহী গৰাকীক নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত ব্যক্তিগৰাকী নেঘেৰিটিং চাহ বাগিচাত মেকানিক হিচাপে কৰ্মৰত পুৰন সিং চাহী বুলি চিনাক্ত কৰা হৈছে ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই 407 বাহনৰ চালকজনে পলায়ন কৰে ৷ দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জব্দ কৰিবলৈ সক্ষম হয় বাহনখন ৷

লগতে পঢ়ক: অসমত নহয় লক ডাউন-নৈশ সান্ধ্য আইন : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.