ETV Bharat / state

ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনক লৈ গোলাঘাটত জয় শ্ৰী ৰামৰ ধ্বনি

ভূমি পূজন আৰু শিলন্যাসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মাৱলম্বী লোক,সংগঠনে অতি উলহ মালহেৰে পাৰ কৰে বুধবাৰৰ দিনটো । বিশ্ব হিন্দু পৰিষদে বিভিন্ন স্থানত দীপ প্ৰজ্জ্বলন আৰু যজ্ঞ অনুষ্ঠিত কৰে ।

ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনক লৈ গোলাঘাটত জয় শ্ৰী ৰামৰ ধ্বনি
ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনক লৈ গোলাঘাটত জয় শ্ৰী ৰামৰ ধ্বনি
author img

By

Published : Aug 6, 2020, 4:14 AM IST

গোলাঘাট, 5 আগষ্ট : পাঁচশ বছৰীয়া এক ঐতিহাসিক বিতৰ্কৰ অৱসান ঘটিল বুধবাৰে । শ্ৰী ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে ৰাম জন্মভূমি অযোধ্যাত ভূমি পূজন আৰু শিলান্যাস কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই ভূমি পূজন আৰু শিলন্যাসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মাৱলম্বী লোক,সংগঠনে অতি উলহ মালহেৰে পাৰ কৰে বুধবাৰৰ দিনটো । বিশ্ব হিন্দু পৰিষদে বিভিন্ন স্থানত দীপ প্ৰজ্জ্বলন আৰু যজ্ঞ অনুষ্ঠিত কৰে ।

ইয়াৰ সমান্তৰালভাৱে গোলাঘাট নগৰত হিন্দু জাগৰণ মঞ্চ অসমে পুৱাৰে পৰা বৃক্ষৰোপণ,যজ্ঞ,বন্তি প্ৰজ্জ্বলন কৰে । প্ৰহ্লাদ ৰায় বাউৰীৰ বদন্যতাত বিনামূলীয়াকৈ দুটা অক্সিজেন গেছৰ চিলিণ্ডাৰ দুখীয়া ৰাইজৰ সেৱাৰ বাবে বেঙেনাখোৱা বাগিচা মেহেন্দীপুৰ বালাজী মন্দিৰত প্ৰদান কৰে । ব্ৰহ্মদত্ত ৰাজহুৱা শিৱথানৰ উদ্যোগত শ্ৰীৰামৰ প্ৰতিছবিত বন্তি প্ৰজ্জ্বলন কৰাৰ পিছতেই এক যজ্ঞৰ আয়োজন কৰা হয় ।

ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনক লৈ গোলাঘাটত জয় শ্ৰী ৰামৰ ধ্বনি

লগতে পঢ়কঃ ৰাম মন্দিৰ হ’লে ৰাম ৰাজ্যও স্থাপন হ’ব : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.