নিউজ ডেস্ক, 22 জানুৱাৰী : গোলাঘাটত আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ জাৱৰ পেলোৱাক কেন্দ্ৰ কৰি ৰাইজে কৰিছিল প্ৰতিবাদ ৷ কিন্তু তাৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক প্ৰহাৰ কৰে বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, গোলাঘাট পৌৰ সভাৰ 1 নং ৱাৰ্ডৰ অধীনৰ ৰূপনগৰ অঞ্চলৰ ডাম্পিং গ্ৰাউণ্ডত প্ৰক্ষেপ কৰা হয় চহৰ খনৰ 13 টাকৈ ৱাৰ্ডৰ জাৱৰ ৷ কিন্তু কেইদিনমান পূৰ্বে এই ডাম্পিং গ্ৰাউণ্ডৰ জাৱৰ সমূহত জুই জ্বলোৱাৰ বাবে চহৰখনত ধোঁৱা আৰু দুৰ্গন্ধ বিয়পি পৰে ৷ এই ঘটনাৰ প্ৰতিবাদ জনায় স্থানীয় আবাসী সকলে ৷
আনহাতে বৃহস্পতিবাৰে পুৱা ডাম্পিং গ্ৰাউণ্ডৰ জুই নুনুমাওতেই পুনৰ জাবৰ পেলাবলৈ অহাত বাধা দিছিল স্থানীয় ৰাইজে ৷ যাৰ বাবে আৰক্ষীয়ে প্ৰহাৰ কৰাৰ লগতে বলপূৰ্বকভাৱে জাৱৰ পেলোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক : কৰ্ণাটকৰ শিলৰ কুৱেৰীত বিস্ফোৰণ : নিহত 8 জন শ্ৰমিক