ETV Bharat / state

Protest at Ghiladhari police station: অতুল বৰাৰ হত্যাকাৰীক কাৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদ - Protest at police station premises

বৃহস্পতিবাৰে নিশা প্ৰতিবাদত উত্তাল হ’ল গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানা চৌহদ (Protest at Ghiladhari police station) ৷ অতুল বৰাৰ হত্যাকাৰীক কাৰায়ত্ত কৰাৰ দাবীত ঘিলাধাৰী আৰক্ষী থানা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে অতুল বৰাৰ পৰিয়ালৰ লগতে স্থানীয় লোকে (Demanding arrest of culprit)৷

Protest at Ghiladhari police station
প্ৰতিবাদত উত্তাল হ’ল গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানা চৌহদ
author img

By

Published : Dec 17, 2022, 7:13 PM IST

প্ৰতিবাদত উত্তাল হ’ল গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানা চৌহদ

গোলাঘাট, 17 ডিচেম্বৰ : ‘‘অতুল বৰাক ন্যায় প্ৰদান কৰক ৷ অতুল বৰাৰ হত্যাকাৰীক কাৰায়ত্ত কৰক ৷ ঘিলাধাৰী আৰক্ষী হায় হায় ৷’’ অতুল বৰা হত্যাকাণ্ডৰ ন্যায় বিচাৰি বৃহস্পতিবাৰে নিশা গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানা চৌহদত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Protest at Ghiladhari police station) ৷

নিহত অতুল বৰাৰ পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, 13 ডিচেম্বৰৰ দিনা আঠখেলীয়াৰ সৰুকছাৰী গাঁৱৰ অতুল বৰাই স্কুটীৰে বজাৰৰ পৰা ঘৰৰ অভিমুখে গৈ আছিল ৷ তেনে অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় অতুল বৰা ৷ আৰক্ষীয়েও এই ঘটনাক এক দুৰ্ঘটনা বুলিয়েই উল্লেখ কৰে ৷

কিন্তু নিহত অতুল বৰাৰ পৰিয়ালৰ লোকে এই ঘটনাক হত্যাকাণ্ড বুলিহে দাবী কৰে ৷ তথ্য অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে প্ৰথমে অতুলক বৰহোলাৰ চিকিৎসালয়লৈ লৈ যায় যদিও পিচত উন্নত চিকিৎসা বাবে পৰৱৰ্তী সময়ত যোৰহাটলৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু আদবাটতে মৃত্যু হয় অতুলৰ ৷

লগতে পঢ়ক : BJP protest in Guwahati : গুৱাহাটীত পাকিস্তানৰ বৈদেশিক মন্ত্রীৰ পুত্তলিকা দাহ

প্ৰথম অৱস্থাত অতুলৰ পৰিয়ালৰ লোকেও এই ঘটনাক দুৰ্ঘটনা বুলিয়েই মানি লৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত অতুলৰ শৰীৰত প্ৰহাৰৰ চিন স্পষ্ট হোৱাত এই ঘটনাক হত্যাকাণ্ড বুলি দাবী কৰে ৷ আনকি চিকিৎসকে অতুলৰ শৰীৰত প্ৰত্যক্ষ কৰা আঘাতৰ চিনসমূহ দুৰ্ঘটনাৰ বিপৰীতে কোনো লোকে আঘাত কৰা বুলিহে উল্লেখ কৰে ৷

ইফালে মৃত্যুৰ পূৰ্বে অতুল বৰায়ো পৰিয়ালৰ লোকক দুজন অচিনাক্ত দুৰ্বৃত্তই প্ৰহাৰ কৰা বুলি উল্লেখ কৰিছিল ৷ নিহত অতুল বৰাৰ মূৰ আৰু কাণত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন স্পষ্ট হৈ আছিল ৷ এই তথ্যৰ আধাৰতে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰে নিহত যুৱকজনৰ পৰিয়ালৰ লোকে ৷

সেয়ে উক্ত ঘটনাৰ সন্দৰ্ভত অতুল বৰাৰ পৰিয়ালৰ লোকে ঘিলাধাৰী আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ লগতে এই ঘটনাত জড়িত প্ৰতিজন লোকক আইনৰ আওতালৈ আনিবলৈ দাবী কৰে ৷ কিন্তু অতুল বৰাৰ পৰিয়ালৰ লোকৰ বিপৰীতে আৰক্ষীয়ে এয়া কোনো হত্যাকাণ্ডৰ ঘটনা নহয় বুলিহে দাবী কৰে ৷

আৰক্ষীৰ মতে এয়া এক দুৰ্ঘটনা ৷ দুৰ্ঘটনাত পতিত হৈহে অতুল বৰাৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে ৷ আৰক্ষীৰ এই স্থিতিক লৈয়ো এতিয়া সন্দেহ প্ৰকাশ কৰিছে অতুল বৰাৰ পৰিয়ালৰ লগতে স্থানীয় লোকে ৷ উপায়ন্তৰ লৈ অতুল বাৰাৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্তৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : Raijor Dal Protest in Sivasagar: জয়সাগৰত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ৰাইজৰ দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.