ETV Bharat / state

দেওবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে প্ৰাক বৰদিন - খ্ৰীষ্টান ধৰ্মাৱলম্বী

দেওবাৰে গোলাঘাট জিলাৰ খুমটাইৰ ১নং বুটলিখোৱাত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰে প্ৰাক বৰদিন ৷ গীৰ্জাঘৰত প্ৰাৰ্থনাৰ পিছতেই যুৱক-যুৱতীসকলে বিভিন্ন কেৰল গাই পৰিৱেশ মুখৰিত কৰি তোলে ৷

pre Christmas celebrated at Golaghat
দেওবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে প্ৰাক বৰদিন
author img

By

Published : Dec 2, 2019, 10:10 AM IST

গোলাঘাট, 2 ডিচেম্বৰঃ ডিচেম্বৰ মাহৰ প্ৰথম দিনটোৰ পৰাই যীশুক আদৰাৰ পৰ্ব আৰম্ভ হ’ল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত ৷ দেওবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে প্ৰাক বৰদিন ৷ প্ৰাক বৰদিনৰ এই দিনটোত প্ৰভু যীশুৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰে গীৰ্জাসমূহ ৷ গোলাঘাট জিলাৰ খুমটাইৰ ১নং বুটলিখোৱাতো খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকসকলে পালন কৰে প্ৰাক বৰদিন ৷ খুমটাইৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ডিচেম্বৰ মাহৰ প্ৰথম নিশা হাতে হাতে মমবাতি লৈ প্ৰভু যীশুৰ জয় বন্দনাৰে সকলোৰে কাষলৈ যায় ৷ গীৰ্জাঘৰত প্ৰাৰ্থনাৰ পিছতেই যুৱক-যুৱতীসকলে বিভিন্ন কেৰল গাই পৰিৱেশ মুখৰিত কৰি তোলে ৷ বিশ্বৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ নাশ হোৱাৰ লগতে হত্যা-হিংসা নাশৰ বাবে যীশুৰ আগত প্ৰাৰ্থনা আগবঢ়োৱা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ভক্তসকলে ৷

গোলাঘাটত প্ৰাক বৰদিন উদযাপন

আৰু পঢ়ক- ডিব্ৰুগড় বিশ্ববিদ্যালয়তো নিষিদ্ধ হ'ল সৰ্বানন্দ সোণোৱাল

Intro:Body:১ ডিচেম্বৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে পালন কৰিলে প্ৰাক বৰদিন। পৱিত্ৰ ডিচেম্বৰ মাহৰ পহিলা তাৰিখৰ পৰা প্ৰভু যিচুক আদৰাৰ পৰ্ব আৰম্ভ হ'ল খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকৰ। ত্ৰাণকৰ্তা প্ৰভু যিচুৰ গুণাণোবাদেৰে মুখৰিত হৈ পৰিছে আধ্যাত্মিক পৰিৱেশ। বিশ্বৰ পৰা অপয়া-অমঙ্গল নাশ কৰাৰ উদ্দেশ্যেৰে খ্ৰীষ্ট ধৰ্মী লোক সকলে প্ৰাক বৰদিনৰ নিশা হাতে হাতে মম লৈ পোহৰ বিলাইছে মানৱ জাতিৰ মাজত। এই দৃশ্য গোলাঘাট জিলাৰ খুমটাইৰ ১নং বুটলিখোৱাৰ। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলেও অতি ওলহ মালহৰে পালন কৰিলে প্ৰাক বৰদিন। প্ৰবাদ আছে ত্ৰাণকৰ্তা প্ৰভু যিচু ধৰালৈ নামি আহিব পৱিত্ৰ এই ডিচেম্বৰ মাহত। ২৫ ডিচেম্বৰত যিচুৰ জন্মদিন অৰ্থাৎ বৰদিন আৰু সেই পৱিত্ৰ দিনটোলৈকে বিভিন্ন কাৰ্যসূচীৰে প্ৰভু যিচুক আৰাধনা কৰিব খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে। খুমটাইৰ এইসকল খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকে ডিচেম্বৰ মাহৰ পহিলা নিশা হাতে হাতে মমবাতি লৈ যিচুৰ জয় ধ্বনিৰে পোহৰ বিলাই মানুহৰ মাজত। গীৰ্জাঘৰত প্ৰাৰ্থনা কৰাৰ পিছতেই বিভিন্ন কেৰল গাই পৰিৱেশ মুখৰিত কৰি তোলে যুৱক-যুৱতী সকলে। এওঁলোকৰ প্ৰাৰ্থনা বিশ্বৰ পৰা নাশ হওক সন্ত্ৰাসবাদী কাৰ্যকলাপ, সিংহা আৰু অপৰাধ।Conclusion:Byte 1: মহিলা।
Byte 2: মহিলা।
Byte 3: যুৱক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.