ETV Bharat / state

কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় গীত মুকলি

author img

By

Published : Jun 5, 2020, 5:00 PM IST

গোলাঘাটত জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় "তোৰেহে জিৰণি নাই" ভিডিঅ' গীত মুকলি । গীতটি মুকলি কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰৱক্তা নৃপেন বৰুৱা আৰু অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰিক্ষিত দত্তই ।

কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় গীত মুকলি
কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় গীত মুকলি

গোলাঘাট, ৫ জুনঃ গোলাঘাটত জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় "তোৰেহে জিৰণি নাই" ভিডিঅ' গীত মুকলি । পৰিৱেশৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা ভিডিঅ' গীতটি গোলাঘাট ৰবীন বেনাৰ্জী মিউজিয়ামত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । গীতটি মুকলি কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰৱক্তা নৃপেন বৰুৱা আৰু অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰিক্ষিত দত্তই । সুব্ৰত কাকতিৰ পৰিচালনাৰে,পাপ্লু চুতীয়াৰ কথাৰে,অৰূপজ্যোতি বৰুৱাৰ কমপজিচনৰে আৰু আচুৰ্য বৰপাত্ৰ কণ্ঠৰে বিশ্ব পৰিৱেশৰ দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ বাবে ভিডিঅ' গীতটি মুকলি কৰি দিয়ে।

গোলাঘাট
গোলাঘাটত জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় গীত মুকলি

গীতটিত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতি বীদ মনোজ গগৈৰ এক দৃশ্যাংশ সন্নিবিষ্ট কৰা হৈছে। ভিডিঅ'টি ৰাইজক আদৰি ল'বলৈ আৰু নতুন প্ৰজন্মক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ দিৱসত এজোপা গছ ৰুবলৈ আহ্বান জনাই কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই । আনহাতে, পুৱাই গোলাঘাট ৰাজহুৱা খেলপথাৰত গছপুলি ৰোপণ কণ্ঠশিল্পী গৰাকীৰ।

লগতে চাওকঃ চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰত আছুৰ বৃক্ষ ৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.