ETV Bharat / state

বোকাখাটত পথৰ দুৰৱস্থাৰ বাবেই এজন লোকৰ মৃত্যু - বোকাখাট

বোকাখাটত পথৰ দুৰৱস্থাৰ বাবেই নাহিল এম্বোলেঞ্চ ফলত চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক সাৱটি ল'লে এজন দৰিদ্ৰ পৰিয়ালৰ লোকে ৷

Poor Road Condition At Golaghat
বোকাখাটত পথৰ দুৰাৱস্থাৰ বাবেই এজন লোকৰ মৃত্যু
author img

By

Published : Jul 28, 2020, 3:39 PM IST

গোলাঘাট, 28 জুলাইঃ গোলাঘাট জিলাৰ বোকাখাট বিধান সভা সমষ্টিৰ গৰিয়া বৰপথাৰ পশ্চিম পাছৰ চুকৰ পথৰ দুৰৱস্থাৰ বাবেই এজন লোকৰ মৃত্যু হয় ৷ মৃত লোক জনৰ নাম কৃষাণ তুৰি (25) বুলি জানিবলৈ পোৱা গৈছে ৷

বোকাখাটত পথৰ দুৰৱস্থাৰ বাবেই এজন লোকৰ মৃত্যু

গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ্টিৰ গৰিয়া বৰপথাৰ পশ্চিম পাছৰ চুকৰ ৰাধাবাৰী চাহ বাগিচাৰ কৃষক কৃষাণ তুৰিয়ে পুৱা পথাৰত টেক্টৰৰে হাল বাই আছিল । কিন্তু হঠাৎ পূৰ্বৰে পৰা এক ৰোগত আক্ৰান্ত হৈ থকা কৃষকজন পথাৰতে ঢলি পৰে। ইফালে কাষতে পথাৰত কাম কৰি থকা তিলেশ্বৰ বৰা আৰু অকণি বৰা নামৰ লোক কেইজনে দেখা পাই কৃষাণক পথাৰৰ পৰা ততালিকে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে। পৰিয়ালৰ লোকে কৃষকজনক চিকিৎসালয়লৈ নিবলৈ এম্বুলেঞ্চ মাতে যদিও পথৰ দুৰৱস্থাৰ বাবে নিৰ্দিষ্ট ঠাইত উপস্থিত হ'ব নোৱাৰিলে এম্বুলেঞ্চ খন । উপায়ন্তৰ হৈ পৰিয়াল তথা স্থানীয় লোকে ঠেলাতে কৃষক জনক উঠাই প্ৰায় দুই কিলোমিটাৰ পথ অনাৰ পিছতহে এম্বুলেঞ্চত উঠাই ৰাধাবাৰী চাহ বাগিচাৰ চিকিৎসালয়লৈ নিয়ে। কিন্তু কিষাণ তুৰিক চিকিৎসালয়ত ভৰ্তি কৰাওতে বহু পলম হয় ৷ অৱশেষত নিয়তিৰ ওচৰত চিকিৎসাৰ অভাৱত মৃত্যু হয় দুৰ্ভগীয়া কিষাণৰ ।

আনহাতে কিষাণ তুৰিৰ মৃত্যুত ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল ৷ কাৰণ,অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি পথৰ দুৰৱস্থাৰ বাবে জলা কলা খাবলগীয়া হৈছে যদিও স্থানীয় জন প্ৰতিনিধি তথা চৰকাৰে পথ মেৰামতিৰ বাবে কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নায় ৷ এই জৰাজীৰ্ণ পথৰ বাবেই চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক সাৱটি ল'ব লগা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷ অতি শীঘ্ৰে অঞ্চলটোৰ বিধস্ত বাট-পথ সমুহ মেৰামতি কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক- ৰাজ্যত বানত নিহতৰ সংখ্যা 103 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.