ETV Bharat / state

গোলাঘাটত গড়কাপ্তানি বিভাগৰ উন্নয়নৰ নগ্ন স্বৰূপ - Poor road condition at Golaghat

গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা নামৰূপ জয়পুৰলৈকে অৱস্থিত পথটোৱে উদঙাইছে গড়কাপ্তানি বিভাগৰ উন্নয়নৰ নমুনা ৷

Poor road condition at Golaghat
গোলাঘাটত গড়কাপ্তানি বিভাগৰ উন্নয়নৰ নগ্ন স্বৰূপ
author img

By

Published : Jun 11, 2020, 11:03 AM IST

গোলাঘাট,11 জুন: গোলাঘাটত গড়কাপ্তানি বিভাগৰ উন্নয়নৰ নগ্ন স্বৰূপ ৷ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতে নিৰ্মাণ কৰা গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা নামৰূপ জয়পুৰলৈকে অৱস্থিত পথটোৱে উদঙাইছে গড়কাপ্তানি বিভাগৰ উন্নয়নৰ নমুনা ৷ ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগৰ অধীনস্থ জৰাজীৰ্ণ পথটোত গোলাঘাট কছাৰীহাটৰ পৰা যোৰহাট জিলাৰ সীমান্ত কাকডোঙা লৈকে ঠায়ে-ঠায়ে পুখুৰীৰ সদৃশ পৰিৱেশে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক ৷ কিন্তু সংশ্লিষ্ট বিভাগে কোনো কাণ-সাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ উল্লেখ্য যে, পথছোৱা নিৰ্মাণৰ বাবে ৰাইজে বহু প্ৰতিবাদ কৰিছে যদিও চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

গোলাঘাটত গড়কাপ্তানি বিভাগৰ উন্নয়নৰ নগ্ন স্বৰূপ

উল্লেখ্য যে, এই পথছোৱাত সৃষ্টি হোৱা দ' দ' গাঁতৰ বাবে বহু সময়ত সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা ৷ এবছৰ পূৰ্বে গোলাঘাট জিলা উপায়ুক্তই পথটো নিৰ্মাণৰ আশ্বাস দিছিল যদিও কেইটামান শিলগুটি পেলায়েই দায়িত্ব সামৰিলে গড়কাপ্তানি বিভাগে ৷ বাৰিষাৰ সময়ছোৱাত গাঁতত পানী জমা হোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাত পৰে পথচাৰী ৷ উপায়হীন হৈ শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়তৰ বাবে উপযোগী কৰি তোলাৰ বাবে গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বিশ্বনাথত নিশা বৃহৎ পৰিমানৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.