গোলাঘাট, 7 জানুৱাৰীঃ গোলাঘাটৰ ঢেকীয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰলৈ গুলীবৰ্ষণ কৰাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে সোমবাৰে নিশা ৰোহিনী কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰে ৷ 2 জানুৱাৰীৰ দিনা দুৰ্বৃত্তৰ দল এটাই গোলাঘাটৰ গণকপুখুৰী হাবিয়াল গাৱঁত, ঢেকীয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰলৈ আৰু তেওঁৰ ঘৰৰ সন্মুখত ৰখাই থোৱা এখন গাড়ীলৈ ধাৰাষাৰ গুলীবৰ্ষণ কৰিছিল ৷
বিভিন্ন মহলে এই ঘটনাত ৰোহিনী কুমাৰ গগৈ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল ৷ কিন্তু ৰোহিনী কুমাৰ গগৈ বিধায়ক মৃণাল শইকীয়াৰ ঘণিষ্ঠ হোৱা বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছিল ৷ কিন্তু অৱশেষত বহু তদন্তৰ অন্তত সোমবাৰে নিশা গোলাঘাট আৰক্ষীয়ে ৰোহিনী কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গগৈক আদালতত হাজিৰ কৰোৱাৰ পিচতে আদালতে তেওঁক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে ৰোহিণী কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সংঘটিত কৰাৰ সময়ত ব্যৱহাৰ কৰা 'মহেন্দ্ৰা থাৰ' গাড়ীখন আৰু এটা পিষ্টল জব্দ কৰে ৷
2 জানুৱাৰীত ক'লা ৰঙৰ থাৰ গাড়ীত অহা এটা দুৰ্বৃত্তৰ দলে ঢেকীয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপা ৰাজখোৱাৰ ঘৰলৈ ধাৰাষাৰ গুলীবৰ্ষণ কৰাৰ লগতে তেওঁৰ ঘৰৰ সন্মুখত ৰখাই থোৱা বিনয় বৰুৱাৰ মাৰুতি গাড়ী খন গুলীৰে থকা-সৰকা কৰিছিল ৷ উল্লেখ্য যে, ভুক্তভোগী পঞ্চায়ত সভানেত্ৰী গৰাকী আৰু বিনয় বৰুৱাৰ নেতৃত্বত 2 জানুৱাৰীৰ দিনৰ ভাগত CAA বিৰোধী প্ৰতিবাদ সাব্যস্ত হৈছিল ৷
লগতে পঢ়ক - তাৰালাংছ'ৰ বাকৰিত পৰম্পৰাগত ক্ৰীড়াৰ আয়োজন সেনাৰ