ETV Bharat / state

Cyclist Diganta Das: কেনে আছে প্ৰতিভাৱান চাইক্লিষ্ট দিগন্ত দাস ?

author img

By

Published : Aug 1, 2022, 7:17 PM IST

প্ৰতিভাৱান চাইক্লিষ্ট দিগন্ত দাসৰ কাষত স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা(Minister Atul bora in Bokakhat) ৷ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকীৰ ৷

Minister Atul bora in Bokakhat to meet cyclist Diganta Das
কেনে আছে প্ৰতিভাৱান চাইক্লিষ্ট দিগন্ত দাস ?

বোকাখাত, 1 আগষ্ট: বোকাখাতৰ এগৰাকী প্ৰতিভাৱান চাইক্লিষ্ট দিগন্ত দাসৰ কাষত মন্ত্ৰী অতুল বৰা ৷ দেওবাৰে বোকাখাতত উপস্থিত হৈ খেলুলৈগৰাকীৰ কাষত থিয় দি তেওঁৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে (Minister Atul bora in Bokakhat) ৷

উল্লেখ্য যে, সদ্য সমাপ্ত অসম যুৱ অলিম্পিকৰ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা চাইক্লীং প্ৰতিযোগিতাত বোকাখাত ৰজাবাৰীৰ দিগন্ত দাস সকলো চাইক্লিষ্টতকৈ আগত আছিল ৷ গন্তব্য স্থান পাবলৈ প্ৰায় তিনি কিলোমিটাৰ মান দূৰত্ব বাকী থকা অৱস্থাত বিপৰীত ফালৰ পৰা অহা এখন তীব্ৰবেগী স্কুটীয়ে দিগন্তক খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

উক্ত ঘটনাত দিগন্তৰ গুৰি দাঁত ভগাৰ ফলত বৰ্তমান ভালকৈ খাব নোৱাৰাৰ লগতে ভালদৰে কথাও পাতিব পৰা নাই ৷ প্ৰথম অৱস্থাত দিগন্তই চিকিৎসালয়ত বিশেষ সুবিধা আৰু উপযুক্ত চিকিৎসা লাভ কৰা নাছিল যদিও ভাতৃ ৰাজু দাসৰ এটা ভিডিঅ'ৰ পিছতে ভাতৃ দিগন্তই উপযুক্ত চিকিৎসা লাভ কৰিছিল ৷

আনহাতে, GMCHত চিকিৎসাধীন হৈ থকা দিগন্ত দাস দেওবাৰে ৰজাবাৰীৰ নিজা ঘৰ আহি পোৱাৰ পাছত নিশা স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা দিগন্তৰ বাসগৃহত উপস্থিত হৈ আগন্তুক দিনত দিগন্তক সকলো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে (Cyclist Diganta Das Health condition) ৷ বৰ্তমান দিগন্ত দাস সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই যদিও প্ৰৱল ইচ্ছা আৰু আগ্ৰহেৰে সুস্থ হৈ পুনৰ চাইক্লীং প্ৰতিযোগিতাত ভাগ লৈ অসমৰ লগতে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : Assam Youth Olympic 2022: মল্লযুদ্ধত 10 টাকৈ পদক আজুৰিলে বোকাখাত মল্লযুদ্ধ সন্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.