মৰিয়নী, 7 মাৰ্চঃ উইলিয়ামচন মেগৰৰ মৰিয়নীস্থিত সোণোৱাল চাহ বাগিছা লক আউত ঘোষণাৰ ফলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে মৰিয়নীত । সোণোৱাল চাহ বাগিছাৰ শ্ৰমিকসকলে আদায় পাবলগীয়া ১০% বোনাচ বিচাৰি শুকুৰবাৰে বাগিছাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদ সাব্যস্ত কৰিছিল । প্ৰতিবাদস্থলীত আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ৷ কেইবাঘণ্টা চলা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ ওচৰত সেওঁ মানি বাগিছাখনৰ মালিকপক্ষই 10% বোনাচ আদায় দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে ।
উক্ত ঘটনাৰ পিছতে, মালিকপক্ষই দিয়া লিখিত প্ৰতিশ্ৰুতি মাথো কলম আৰু কাগজৰ মাজতে আবদ্ধ ৰাখি শনিবাৰে পুৱা বাগিছাৰ মূল প্ৰৱেশপথত জাননী আঁৰি বন্ধৰ কথা ঘোষণা কৰে । লগতে পৰিচালক, চিকিৎসকসকলে বাগিছা এৰি পলায়ন কৰে । তাকে লৈ শ্ৰমিকসকলে একগোট হৈ বাগিছাৰ প্ৰৱেশ পথৰ সমীপত অৱস্থান কৰে । প্ৰতিবাদস্থলীলৈ জিলা প্ৰশাসনৰ বিষয়ববীয়া, শ্ৰম আয়োগৰ বিষয়ববীয়া, আৰক্ষী প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠনৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হয় । চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই বাগিছাৰ প্ৰৱেশদ্বাৰ মুকলি কৰি বাগিছা কৰ্তৃপক্ষই লিখিত প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১০% বোনাচ শনিবাৰৰ ভিতৰতে দিয়াৰ ব্যৱস্থা কৰিবলৈ জিলা তথা আৰক্ষী প্ৰশাসনক দাবী জনায় ।
আনহাতে, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আগন্তুক ফল্গু উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি বিয়লি ৪ বজাৰ ভিতৰত বাগিছাৰ শ্ৰমিকৰ প্ৰাপ্য বোনাচ আদায় দিয়াৰ বাবে জিলা প্ৰশাসনৰ জৰিয়তে বাগিছা কৰ্তৃপক্ষক দাবী জনায় । লগতে বাগিচা কৰ্তৃপক্ষই বোনাচ দিব নোৱাৰিলে বিধায়ক কুৰ্মীয়ে ১০০০টকাকৈ সকলো শ্ৰমিকক প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
গোলাঘাটঃ গোলাঘাটৰ নুমলীগড় এলেকাৰ ভিন্ন চাহ বাগিচাত চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ সাব্যস্ত উত্তাল প্ৰতিবাদ । চাহ শ্ৰমিকসকলে বিভিন্ন দাবী উত্থাপন কৰি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ চাহ জনজাতি ছাত্ৰ সন্থা মৰঙী সমিতি আৰু চাহ শ্ৰমিক সকলৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
লগতে চাওকঃলখিমপুৰত বিকশিত অসমৰ এখন বিপৰীত ছবি