ETV Bharat / state

কৰ'ণা ভাইৰাছ নহয় বন্যহস্তীয়ে আতংকিত কৰিছে গোলাঘাটবাসীক - বন্যহস্তীয়ে আতংকিত কৰিছে গোলাঘাটবাসীক

ইতিমধ্যে গাওঁখনৰ বহু লোকৰ ধান-শস্য ধ্বংস কৰিছে হাতীৰ জাকটোৱে ৷ উপায়ন্তৰ হৈ গাঁওবাসীয়ে বনবিভাগৰ সহায় লয় যদিও হাতী খেদাত সফল নহ'ল বন বিভাগ ৷

গোলাঘাট
গোলাঘাট
author img

By

Published : Mar 29, 2020, 5:51 PM IST

গোলাঘাট, 29 মাৰ্চ : দেশজুৰি কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে গোলাঘাটত বন্যহস্তীয়ে সৃষ্টি কৰিছে সন্ত্ৰাস । দেওবাৰে খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় 20/25 জনীয়া বনৰীয়া হাতীৰ জাকটোৱে গোলাঘাট জিলাৰ আইতনীয়া মিচিং গাঁৱত বাহৰ পতাৰ ফলত নিশাৰে পৰা কৰ'ণাৰ শংকা এৰি হাতী খেদাত ব্যস্ত হৈছে আইতনীয়া মিচিং গাওঁবাসী ।

ইতিমধ্যে গাওঁখনৰ বহু লোকৰ ধান-শস্য আদি ধ্বংস কৰিছে হাতীৰ জাকটোৱে ৷ উপায়ন্তৰ হৈ গাঁওবাসীয়ে বনবিভাগৰ সহায় লয় যদিও পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী নথকাৰ ফলত হাতী খেদাত সফল নহ'ল বন বিভাগ ৷ কিন্তু বৰ্তমানো হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে আইতনীয়া মিচিং গাঁওবাসীয়ে ৷

গোলাঘাট

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে নতুন নিৰ্দেশাৱলী জাৰি

অৱশেষত হাতীৰ জাকটোক চাৰিওফালে বেৰি ধৰি হাবিৰ এটা দিশত জুই লগাই দিয়ে গাঁওবাসীয়ে । ফলত কোনো দিশে ওলাই যাব পৰা নাই হাতীৰ জাকটো । নিজৰ গতিপথ হেৰুৱাই বাৰে বাৰে মানুহলৈ চোচা লৈ নিজকে সুৰক্ষিত কৰিব বিচাৰিছে আতংকিত বন্যহস্তীৰ জাকটোৱে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.