গোলাঘাট,21ডিচেম্বৰ : খুমটাই বিধান সভা সমষ্টিত এতিয়া উন্নয়নে স্তব্ধ কৰিছে কংগ্ৰেছৰ যাত্ৰা । যাৰ বাবে এগৰাকী কংগ্ৰেছী ৱাৰ্ড সদস্যাক এঘৰীয়া কৰিলে গাঁৱৰ ৰাইজে । বছৰ বছৰ ধৰি কংগ্ৰেছ দলত ভোট দি অহা গোলাঘাট জিলাৰ মৌখোৱা মুদৈপথাৰ গাঁৱৰ সকলো বাসিন্দা এতিয়া বিজেপি হ'ল । কাৰণ কোনো দিনেই উন্নয়ন নোহোৱা গাঁও খনত উন্নয়নৰ পোহৰ বিলালে বিধায়ক মৃণাল শইকীয়াই । গাঁও খনত পথৰ কাম আৰম্ভ হোৱাৰ লগে-লগে ৱাৰ্ড সদস্যা পাৰবীন বেগমে অঞ্চলটোৰ বহু যুৱকক লগত লৈ বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহত গৈ বিজেপি দলত যোগ দিছিল ।
কিন্তু বিজেপিত যোগদান কৰাৰ কিছুদিন পিচতেই বিজেপি লৈ যোৱা কেইজনমান যুৱকক ধনৰ প্ৰলোভন দি পুনৰ কংগ্ৰেছ দললৈ আহিবলৈ ৱাৰ্ড সদস্যা পাৰবীন বেগমে আহ্বান জনাই । ৱাৰ্ড সদস্যা গৰাকীয়ে বিজেপিৰ পৰা কংগ্ৰেছলৈ যোৱাৰ বাবে প্ৰতিজন যুৱককে এক লাখকৈ টকা দিয়া হ'ব বুলি মন্তব্য কৰে । ৱাৰ্ড সদস্যা গৰাকীৰ এই আচৰণত এতিয়া ক্ষুব্ধ হৈ ওলাই আহিল মুদৈ পথাৰৰ সকলো পুৰুষ মহিলা । সোমবাৰে ৰাজহুৱা সভাৰ জৰিয়তে কংগ্ৰেছী ৱাৰ্ড সদস্যা পাৰবীন বেগমক ৰাইজে এঘৰীয়া কৰে ।
অন্য এক খবৰৰ বাবে: কংগ্ৰেছ এৰি ৰাইজৰ দললৈ কমল কুমাৰ মেধি