ETV Bharat / state

ভূমি পূজনক কেন্দ্ৰ কৰি খুমটাইত ব্যাপক উৎসাহ - HYCP Khumtai performs Bhumi Pujan in Golaghat

গোলাঘাটৰ খুমটাইৰ ৰাম মন্দিৰত বুধবাৰে পুৱা অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ উদ্দেশ্যে হিন্দু যুৱ ছাত্র পৰিষদে চাকি জ্বলাই পালন কৰে ধৰ্মীয় কাৰ্যসূচী ৷ ৰাম মন্দিৰৰ ভূমি পূজনৰ উদ্দেশ্যে ভক্তৰ মাজত দেখা যায় ব্যাপক উৎসাহ-উদ্দীপনা ৷

HYCP Khumtai performs Bhumi Pujan in Golaghat
খুমটাইত ব্যাপক উৎসাহ
author img

By

Published : Aug 5, 2020, 2:00 PM IST

খুমটাই, 5 আগষ্ট: অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ অৰ্থে আয়োজিত ভূমি পূজনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা ৷ গোলাঘাটৰ খুমটাইতো দেখা গ’ল একে পৰিৱেশ ৷ বুধবাৰে পুৱা খুমটাইত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে মাটিৰ চাকি জ্বলাই ধৰ্মীয় প্ৰাৰ্থনাৰে পালন কৰে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী ৷

খুমটাইত ব্যাপক উৎসাহ

কেইবাদশক জুৰি চলা বিবাদৰ অন্তত অযোধ্যাত বুধবাৰে ৰাম মন্দিৰৰ শিলান্যাস স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ঐতিহাসিক এই মুহুৰ্তৰ সাক্ষী হ’বলৈ উৎসাহিত হৈ পৰিছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিক ৷ খুমটাইৰ ৰাম মন্দিৰত বন্তি প্ৰজ্বলনৰ অন্তত আৰতি কৰি জয় শ্ৰীৰাম ধ্বনিৰে চৌদিশ কঁপাই তোলে সংগঠনটোৰ সদস্যসকলে ৷ অসমবাসীক বাসগৃহত এগচিকৈ বন্তি জ্বলাই ৰাম মন্দিৰৰ ভূমি পূজনলৈ সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷ ৰাম মন্দিৰৰ ভূমি পূজনৰ উদ্দেশ্যে নিৰাপত্তা বাহিনীয়ে অযোধ্যাক এক অভেদ্য দুৰ্গলৈ পৰিণত কৰিছে ৷

লগতে চাওকঃ ভূমি পূজন উপলক্ষে ৰংগোলীৰে অলংকৃত আৰএছএছৰ মুখ্য কাৰ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.