ETV Bharat / state

"মহাদেৱ হ'লে বিষ খাবই লাগিব":কিয় ক'লে হিমন্ত বিশ্ব শৰ্মাই ? - গোলাঘাটত সংকল্প সমাৰোহৰ প্ৰস্তুতি

গোলাঘাটত বিজেপিৰ শান্তি সমদল অনুষ্ঠানৰ প্ৰস্তুতি পৰ্যবেক্ষণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ সাংবাদিকক ক'লে বিৰোধীয়ে যিহেতু "কা" বিৰোধী আন্দোলনৰ দোহাই দি নতুন দল গঠনৰ কথা কৈছে, সেয়ে 2021 লৈ কঁকালত টঙালি বান্ধি বিজেপিক সাজু কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে৷

Himanta Biswa Sharma sankalpa samaroh preparation at Golaghat
"মহাদেৱ হ'লে বিষ খাবই লাগিব":কিয় ক'লে হিমন্ত বিশ্ব শৰ্মাই ?
author img

By

Published : Jan 21, 2020, 7:58 PM IST

Updated : Jan 22, 2020, 12:03 PM IST

গোলাঘাট, 21 জানুৱাৰীঃ গোলাঘাটত অহা 24 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ শান্তি সমদল অনুষ্ঠানৰ প্ৰস্তুতি পৰ্যবেক্ষণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ পৰ্যবেক্ষণৰ মাজতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

বিজেপিৰ শান্তি সমদল সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে যে, শান্তি সমদলৰ প্ৰধান উদ্দেশ্য হ'ল নিৰ্বাচনী ইস্তাহাৰত ঘোষিত প্ৰতিশ্ৰুতি 4 বছৰত যিখিনি পূৰাব পৰা নগ'ল সেইখিনি এইবছৰত পূৰণ কৰা ৷ দ্বিতীয়তে বিৰোধীয়ে যিহেতু "কা" বিৰোধী আন্দোলনৰ দোহাই দি নতুন দল গঠনৰ কথা কৈছে, সেয়ে 2021 লৈ ককালত টঙালি বান্ধি বিজেপিক সাজু কৰা ৷

বিজেপিৰ শান্তি সমদল অনুষ্ঠানৰ প্ৰস্তুতি পৰ্যবেক্ষণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলিব লগীয়া গোচৰ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে, 22 জানুৱাৰীত এই গোচৰৰ প্ৰাৰম্ভিক কাম কাজ হে আৰম্ভ হ'ব, ৰায়দান নহয় ৷ ইয়াৰ লগতে একাংশ সাংবাদিকে 'কা'বিৰোধী আন্দোলনৰ সময়ত একাংশ নিৰ্দোষী লোকক আটক কৰা বুলি উত্থাপন কৰা অভিযোগৰ বিষয়ত মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে জনায় যে, যিসকল নিৰ্দোষী লোক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে সেইসকলক মুকলি কৰি দিয়া হ'ব ৷ কাৰোবাৰ প্ৰতি যদি এনে অন্যায় হৈছে, তেওঁলোকক অনতি পলমে ৰেহাই দিয়া হ'ব ৷ নিৰপৰাধীলোকৰ ক্ষেত্ৰত কোনো কাৰণতে শাস্তি হ'ব লোৱাৰে ৷ কিন্তু ধ্বংসাত্মক কাৰ্য যেনে টায়াৰ জ্বলোৱা, ৰাজহুৱা সম্পত্তি নষ্ট কৰাত জড়িতসকলৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা ৷

লুৰিণজ্যোতি গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেট ডিগ্ৰীৰ বিষয় লৈ কৰা সমালোচনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে," মহাদেৱ হ'লে বিষ খাব লাগিবই ৷ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লৈছোঁ ৷ কোনো নাম নোহোৱা বিশ্ববিদ্যালয়ৰ পৰা নহয় ৷ গতিকে মোক সন্দেহ কৰা মানে গুৱাহাটী বিশ্ব বিদ্যালয়ক সন্দেহ কৰা ৷ কোনোবাই যদি বিশ্ববিদ্যালয়ক সন্দেহ কৰে মই তাত কি কৰিব পাৰোঁ "৷

মন্ত্ৰী বিধায়কক প্ৰতিবাদকাৰীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে, "আমাৰ কাম হ'ল বগা চোৱা ৷ সকলোতে আমি বগায়েই দেখা পাওঁ ৷ যাৰ মন ক'লা সি ক'লা দেখিব আৰু যাৰ মন বগা সি বগা দেখিব ৷ মোক দেখুওৱা ক'লা পতাকা সমূহ মই বগা দেখা পাওঁ "৷

লগতে পঢ়ক-মৰাণত আদিবাসী বিদ্ৰোহী সংগঠন 'আনলা'ৰ দুই দুৰ্ধৰ্ষ সদস্য গ্ৰেপ্তাৰ

Intro:গোলাঘাটৰ বোকাখাটত বিজেপিৰ মিত্ৰজোটৰ বিশাল সংকল্প সমাৰোহৰ প্ৰস্তুতি। অহা ২৪ জানুৱাৰীত বোকাখাটত অনুষ্ঠিত হবলগীয়া সংকল্প সমাৰোহৰ প্ৰস্তুতি পৰ্যাৱেশন কৰাৰ লগতে দলীয় কৰ্মী লগত আলোচনা মিলিত হয় হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়কে।

Body:ৰাজ্যত চলি আছে "কা" বিৰোধী আন্দোলন। অসমৰ এই "কা" বিৰুদ্ধী আন্দোলনৰ মাজতে প্ৰতিবাদী সংগঠনে নতুন ৰাজনৈতিক দল গঠনৰ পৰিকল্পনা কৰিছে। উজনি অসমত এই পৰিকল্পনাৰ বিপৰীতে ২০২১ৰ ৰণশিঙা বজালে বিজেপি নেতৃত্বতাধীন মিত্ৰজোটে। ২৪ জানুৱাৰীত বোকাখাটৰ পৰাই আৰম্ভ হ'ব এই ৰণশিঙা। এই ৰণশিঙাক নাম দিয়া হৈছে সংকল্প সমাৰোহ। ২১ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাইজক প্ৰতিশ্ৰুতি দি কাম কৰিব নোৱাৰা কাম সম্পূৰ্ণ কৰিব বিজেপি চৰকাৰৰ মিত্ৰজোটে। ২৪ জানুৱাৰীত বোকাখাটত বিজেপি, অগপ আৰু গণশক্তি দলে অনুষ্ঠিত কৰিব এই বিশাল সংকল্প সমাৰোহ। এই সংকল্প সমাৰোহলৈ মাজত মাত্ৰ দুটা দিন। বিত্তমন্ত্ৰী, স্বাস্থ্য, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি অতুল বৰা, গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুজ হাজৰিকা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক মৃনাল শইকীয়াই বোকাখাট ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হবলগীয়া সংকল্প সমাৰোহৰ বুজ লয়। ইয়াৰ উপৰিও সংকল্প সমাৰোহৰ উদ্দেশ্যৰ ওপৰত অগপ, বিজেপি আৰু গণশক্তি দলৰ কৰ্মীৰ লগত এক সভাও অনুষ্ঠিত হয়। এই সভাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কা বিৰুদ্ধী আন্দোলনৰ মাজতো ৩০ ডিচেম্বৰৰ পৰা বিজেপিয়ে অনুষ্ঠিত কৰা বিভিন্ন শান্তি সমাৰোহত ৰাইজৰ উপস্থিতি অভূতপূৰ্ব আছিল বুলি উল্লেখ কৰি উজনি অসমৰ পৰা আৰম্ভ হবলগীয়া সংকল্প সমাৰোহত সকলোকে শান্তিপূৰ্ণ ভাৱে শিলদল ভাঙি উলাই আহিবলৈ আহ্বান জনাই। সকলোকে দুটা সংকল্প লবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনায়। প্ৰথমটো হল বিগত চাৰিটা বছৰত বিজেপি মিত্ৰজোট চৰকাৰে যি কাম কৰিব থাকি গল সেই থাকি যোৱা অংশ আগন্তুক এবছৰত পূৰ্ণ কৰাৰ সংকল্প। দ্বিতীয়টো হল ২০২১ত অনুষ্ঠিত হবলগীয়া বিধান সভাৰ নিৰ্বাচনত বিশাল জয়যাত্ৰাৰ সংকল্প। ইয়াৰ উপৰিও বোকাখাটৰ মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেশৱ মহন্ত, অতুল বৰা, পিয়ুজ হাজৰিকা, নৱ দলে, মৃনাল শইকীয়াই গোলাঘাট জিলাৰ বিভিন্ন বিভাগৰ মূৰব্বীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

Conclusion:byte : হিমন্ত বিশ্ব শৰ্মা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv bharat অসম।
Last Updated : Jan 22, 2020, 12:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.