ETV Bharat / state

গামোচাত NO CAA লিখি প্ৰতিবাদ গোলাঘাটত জিলা কংগ্ৰেছৰ - নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গোলাঘাটত জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ৷ গামোচাত NO CAA লিখি কোনো কাৰণতে 'কা' আইন মানি নোলোৱাৰ হুংকাৰ দিলে গোলাঘাট জিলা কংগ্ৰেছৰ নেতা কৰ্মী সকলে ৷ গোলাঘাট সদৰ আৰক্ষী থানাৰ সন্মুখত কংগ্ৰেছৰ নেতা কৰ্মী সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

golghat district congress protest
golghat district congress protest
author img

By

Published : Feb 26, 2021, 8:14 AM IST

গোলাঘাট, 26 ফেব্ৰুৱাৰী: 'কা' (নাগৰিকত্ব সংশোধনী আইন) বাতিলৰ দাবীত বৃহস্পতিবাৰে গোলাঘাটত জিলা কংগ্ৰেছে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ অসমীয়াৰ প্ৰাণস্বৰূপ গামোচাত NO CAA লিখি প্ৰতিবাদকাৰী সকলে এক সমদল বাহিৰ কৰি আইনখন বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰে ৷

গোলাঘাট বিধানসভা সমষ্টিৰ বুথসভা অনুস্থিত কৰি কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে সংকল্প গ্ৰহণ কৰাৰ পাছতে জিলা কংগ্ৰেছৰ নেতা কৰ্মী সকলে গোলাঘাট সদৰ আৰক্ষী থানাৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

golghat district congress protest
গামোচাত NO CAA লিখি প্ৰতিবাদকাৰীসকলৰ সমদল

উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে ৰাজ্যখনৰ বিভিন্ন ঠাইত কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ দৃশ্য প্ৰায় সুলভ হৈ পৰিছে ৷ আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত অজন্তা নেওগে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতে জিলাখনত কংগ্ৰেছৰ ভেঁটি প্ৰায় নিশকটীয়া হৈ পৰা পৰিলক্ষিত হৈছে ৷

এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ সভাপতি দাদু টাইডৰ নেতৃত্বত দলটোৱে গোলাঘাট সমষ্টিত দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ স্বাৰ্থত বুথসভা অনুষ্ঠিত কৰি দলটোৰ ভেঁটি পুনৰ সুদৃঢ় কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক: ২১ ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব: ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.