গোলাঘাট,19 অক্টোবৰ: গোলাঘাট আৰক্ষীৰ দেহ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান । নৱমী নাথ নামৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ অভিযান চলে। মহিলা গৰাকীৰ প্ৰায় ১৭ বছৰীয়া এজনী ছোৱালীক দেহ ব্যৱসায়ৰ লগত জড়িত কৰাৰ অভিযোগ।
গোলাঘাট নগৰৰ ৰাজ্যিক পৰিবহন নিগমৰ সমীপত তামোল পাণৰ দোকান দিয়া বগী নামৰ মহিলা গৰাকীয়ে যোগাযোগ কৰি গ্ৰাহকৰ যোগান ধৰি আহিছিল। নৱমী নাথ নামৰ এগৰাকী মহিলাৰ আত্মীয়ক আৰক্ষীয়ে আটক কৰাৰ পিছতেই মুখা খোল খায় এই সকল ভদ্ৰ মহিলাৰ। বগী নামৰ মহিলা গৰাকীয়ে ৰাজ্যিক পৰিবহণ নিগমৰ সমীপৰ ওচৰত এখন পাণ তামোলৰ দোকান দি একাংশ মহিলাক দেহ ব্যৱসায়ৰ লগত জড়িত কৰি আহিছিল। গোলাঘাট আৰক্ষীয়ে অভিযান চলাই গোলাঘাট নগৰৰ কচাইপট্ৰি,নতুন আমোলাপট্ৰি,মিচনপট্ৰিত অভিযান চলাই চাৰিজনী দেহোপজীৱিনীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ অভিযানৰ সময়ত ঘটনাস্থলীৰ পৰা বহু কেইগৰাকী দেহোপজীৱিনী পলায়ন কৰিবলৈ সক্ষম হয়। গোলাঘাটত এনেদৰে একাংশ মহিলাই বগী নামৰ মহিলা গৰাকীৰ দৰে আন দেহ ব্যৱসায়ীৰ সহায়ত বেশ্যা বৃত্তি চলাই অহাৰ অভিযোগ ৷