ETV Bharat / state

গোলাঘাটত প্ৰথমবাৰৰ বাবে অত্যাধুনিক শৌচালয় ! - MODI GOVT

পৰিৱর্তনকামী চৰকাৰৰ পৰিৱৰ্তনৰ নতুন বিৱৰ্তন । বৰ্তমান চৰকাৰৰ এই অত্যাধুনিক শৌচালয়ৰ বিষয়ে চৰ্চা চলিছে গোলাঘাটত ৷ আধুনিক পদ্ধতিৰ এই শৌচালয় চাবৰ বাবে এতিয়া মানুহৰ ভিৰ লাগিছে গোলাঘাটৰ জালান চাহ বাগিচাত ।

গোলাঘাটত প্ৰথমবাৰৰ বাবে অত্যাধুনিক শৌচালয় !
author img

By

Published : Aug 19, 2019, 10:47 AM IST

গোলাঘাট, 19 আগষ্টঃ পৰিবর্তনকামী চৰকাৰৰ পৰিৱৰ্তনৰ নতুন বিৱৰ্তন । বৰ্তমান চৰকাৰৰ এই অত্যাধুনিক শৌচালয়ৰ বিষয়ে চৰ্চা চলিছে গোলাঘাটত ৷ আধুনিক পদ্ধতিৰ এই শৌচালয় চাবৰ বাবে এতিয়া মানুহৰ ভিৰ লাগিছে গোলাঘাটৰ জালান চাহ বাগিচাত । কিন্তু নিৰ্মাণৰ পিচতে ব্যৱহাৰৰ পূৰ্বেই খহি পৰিল শৌচালয়ৰ দেৱাল । টিনপাৰ কথা ক'বই নালাগে৷হাতেৰে চুই দিলেই এৰাই পৰে টিনপাত। এই দৰে বেঙেনাখোৱা গাঁও পঞ্চায়তৰ অন্তর্গত জালান চাহ বাগিচাত প্ৰায় চল্লিশটা শৌচালয় নির্মাণ কৰা হৈছে৷ বাগিচাখনৰ ৰাইজৰ অভিযোগ চল্লিশটা শৌচালয়‍েই ব্যৱহাৰৰ পূৰ্বেই জহি খহি গৈছে৷

গোলাঘাটত প্ৰথমবাৰৰ বাবে অত্যাধুনিক শৌচালয় !

উল্লেখ্য পৰিবর্তনকামী মোদী চৰকাৰ‍ৰ স্বচ্ছ ভাৰত অভিযানৰ বাবে‍ চাহ শ্ৰমিক সকলে লাভ কৰিছে শৌচালয়৷ কিন্তু পঞ্চায়ত কর্মী,সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰৰ বুজা বুজিৰ বাবেই শৌচালয় নির্মাণৰ নামত চৰম অৱহেলা আৰু দুর্নীতিৰ অভিযোগ উত্থাপিত হৈছে৷ নিম্ন মানদণ্ডৰ শৌচালয় নির্মাণ কৰাৰ বাবে‍ হাত দিলেই খহি পৰিছে শৌচালয়সমূহ৷ পৰিৱর্তনকামী চৰকাৰৰ কাৰ্যকালত অনাময় আঁচনিৰ অধীনত নিৰ্মিত অতি নিম্ন মানদণ্ডৰ শৌচালয় নিৰ্মাণৰ নামত সংঘটিত হোৱা দু্ৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী তুলিছে স্থানীয় হিতাধিকাৰীয়ে ৷ চাওক আমাৰ সাংবাদিক দিগন্ত চাহুৰ এক প্ৰতিবেদন....

Intro:O.C. : গোলাঘাটত ৰিমর্টত পৰিচালিত হয় শৌচালয়। যেন চুইটচ টিপিলেই শৌচালয়ৰ দুৱাৰ মুকলি হয় আৰু চুইটচ টিপিলেই শৌচালয়ৰ দুৱাৰ বন্ধ হয়। পৰিবর্তনকামী চৰকাৰৰ পৰিবৰ্তনৰ এক জ্বলন্ত নিদৰ্শন। বৰ্তমান চৰকাৰৰ এই ৰিমর্ট পৰিচালিত শৌচালয়ৰ বিষয়ে বহুল চৰ্চিত হব ধৰিছে। আধুনিক পদ্ধতিৰ এই শৌচালয় চাবৰ বাবে এতিয়া মানুহৰ ভিৰ লাগিছে। কিন্তু কত আৰু কেনেকৈ এই ৰিমর্ট পৰিচালিত শৌচালয় আছে , চাওঁ আহক এই প্ৰতিবেদন।
V.O. হয় আপুনি ঠিকেই দেখিছে, এইটোৱেই হল ৰিমর্টৰ দ্বাৰা পৰিচালিত শৌচালয়৷ এইয়া আমি কোৱা কথা নহয়। শুনকচোন ৰিমৰ্টত পৰিচালিত শৌচালয় লাভ কৰা হিতাধিকাৰী জনৰ মুখেৰেই। Byte 1: নিপুল বাউৰী (হিতাধীকাৰী)৷ Body:V.O. 2: ৰিমর্টৰ দ্বাৰা পৰিচালিত হোৱা শৌচালয়ৰ প্ৰকৃত কাৰণটো আপোনালোকে‍ শুনিলে৷ বহু পলমকৈ হলেও নিজৰ ঘৰৰ চৌহদত লাভ কৰিছিল এটা শৌচালয়। কিন্তু কি দশা এই সকল হিতাধিকাৰীৰ। গোলাঘাট বেঙেনাখোৱা গাঁও পঞ্চায়তৰ ৯ নং ৱার্ডৰ এই সকল লোকে লাভ কৰিছে এনে আধুনিক পদ্ধতিৰ শৌচালয়। শৌচালয় ব্যৱহাৰ কৰাৰ পূর্বে খহি পৰিল এই বোৰ ৱাল। হাত দিলেই খহি পৰে শৌচালয়ৰ ৱাল সমূহ। টিনপাত সমূহৰ কথাই সুকীয়া। হাতেৰে লাহেকৈ দাঙি দিলেই এৰাই পৰে এই সমূহ টিনপাত। এই দৰে বেঙেনাখোৱা গাঁও পঞ্চায়তৰ অন্তর্গত জালান চাহ বাগিচাত প্ৰায় চল্লিছটা শৌচালয় নির্মাণ কৰা হৈছে৷ বাগিচাখনৰ ৰাইজৰ অভিযোগ চল্লিছটা শৌচালয়‍েই ব্যৱহাৰৰ পূৰ্বেই জহি খহি গৈছে৷ শৌচালয়ৰ ভিতৰচৰাত হাতেৰে খুচৰি দিলেই ওলায় পৰি্ছে মাটি৷ এইদৰে আমাৰ কেমেৰাত বন্দি হ'ল সুনীল পূজৰ, নিপুল বাউৰী, মৃদুল বাউৰী আৰু ৰূপক গড়ৰ শৌচালয় খহি পৰাৰ দৃশ্য। Byte 2 : মহিলা হিতাধিকাৰী৷ Byte 3 : মহিলা হিতাধিকাৰী৷ Conclusion:V.O. 3: অসমৰ প্ৰায়বোৰ চাহ বাগিচাত শ্ৰমিকৰ নিজা শৌচালয় নথকাৰ বাবে‍ শৌচ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে কাঠনি নতুবা চাহ বাগিচা৷ উল্লেখ্য পৰিবর্তনকামী মোদী চৰকাৰ‍ৰ স্বচ্ছ ভাৰত অভিযানৰ বাবে‍ চাহ শ্ৰমিক সকলে লাভ কৰিছে শৌচালয়৷ কিন্তু পঞ্চায়ত কর্মী, সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰৰ বুজা বুজিৰ বাবেই শৌচালয় নির্মাণৰ নামত চৰম অৱহেলা আৰু দুর্নীতিৰ অভিযোগ উত্থাপিত হৈছে৷ নিম্ন মানদণ্ডৰ শৌচালয় নির্মান কৰাৰ বাবে‍ হাত দিলেই খহি পৰিছে শৌচালয়সমূহ৷ পৰিবর্তনকামী চৰকাৰৰ কাৰ্যকালত অনাময় আঁচনিৰ অধীনত নিৰ্মিত এই অতি নিম্ন মানদণ্ডৰ শৌচালয় অনিয়মৰ উচিত তদন্ত হবনে। এই সকল হিতাধিকাৰীয়ে দেখি থকা এটা পকী শৌচালয়ৰ সপোন বাস্তবায়িত হবনে। এতিয়া সকলোৰে প্ৰশ্ন৷ Byte 4 :জগত বাউৰী,নেতা আটছা
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: Deffered Live mojoত গৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.