ETV Bharat / state

চিকিৎসক নিগ্ৰহঃ গোলাঘাটত চিকিৎসকৰ প্ৰতিবাদ - doctor protets in india

গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, চিকিৎসা কৰ্মীসকলৰ প্ৰতিবাদ ৷ শুকুৰবাৰৰ দিনটোত ইণ্ডিয়ান মেডিকেল এছোছিয়েছন (INDIAN MEDICAL ASSOCIATION) ৰ আহ্বান মৰ্মে চিকিৎসক, চিকিৎসাকৰ্মীসকলে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

doctors protest on friday
চিকিৎসক নিগ্ৰহঃ গোলাঘাটত চিকিৎসকৰ প্ৰতিবাদ
author img

By

Published : Jun 18, 2021, 10:28 PM IST

গোলাঘাট, 18 জুন : শুকুৰবাৰে গোলাঘাট জিলাত চিকিৎসকসকলে চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, চিকিৎসা কৰ্মীসকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হয় ।

কৰ’ণা এই সংকট কালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসক তথা চিকিৎসাকৰ্মীক আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰে গোলাঘাটৰ চিকিৎসা কৰ্মীসকলে । অসম চিকিৎসা সেৱা সন্থা গোলাঘাট শাখাৰ উদ্যোগত কলা বেজ পৰিধান কৰি আধা ঘন্টীয়া কৰ্ম বিৰতি পালনৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় । স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা সু-নিশ্চিত কৰা আৰু চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ বিৰুদ্ধে হিংসা বন্ধ কৰাৰ দাবী তোলে প্ৰতিবাদী চিকিৎসকসকলে ৷

চিকিৎসক নিগ্ৰহঃ গোলাঘাটত চিকিৎসকৰ প্ৰতিবাদ

উল্লেখ্য যে, হোজাই জিলাৰ লংকাৰ উদালী ক’ভিড কেয়াৰ চেন্টাৰ (COVID CARE CENTRE) ত গিয়াছউদ্দিন নামৰ এগৰাকী ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি একাংশ লোকে চেন্টাৰটোত কৰ্মৰত ডাঃ সেউজ কুমাৰ সেনাপতি নামৰ এগৰাকী চিকিৎসকক বৰ্বৰভাৱে আক্ৰমণ কৰিছিল ৰোগীৰ একাংশ আত্মীয়ই ।

ঘটনাটোৰ পাছতেই চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তিসকলৰ মাজত এক আংতকৰ পৰিৱেশে বিৰাজ কৰি আহিছে ৷ বৰ্তমানলৈকে লংকা আৰক্ষীয়ে ঘটনাটোৰ লগত জড়িত প্ৰায় 30 গৰাকীতকৈ অধিক লোকক আটক কৰা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে কেইবাজনো লোকক আদালতত হাজিৰ কৰি আৰক্ষীৰ জিম্মাৰ লগতে কেইবাজনকো জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে আৰক্ষীয়ে আক্ৰমণৰ লগত জড়িত ব্যক্তিৰ অভিযান এতিয়াও অব্যাহত ৰাখিছে ৷ তাৰ পাছতেই সংমগ্ৰ ৰাজ্যত চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল ৷

জানিব পৰা মতে শুকুৰবাৰৰ দিনটোত ইণ্ডিয়ান মেডিকেল এছছিয়েছন (INDIAN MEDICAL ASSOCIATION) ৰ আহ্বান মৰ্মে চিকিৎসক, চিকিৎসাকৰ্মীসকলে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ভাৰতৰ লগতে অসমতো প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকলকলে ৷

লগতে পঢ়ক : অনিশ্চয়তাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.