ETV Bharat / state

গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয় ছীল

author img

By

Published : Dec 23, 2020, 3:11 PM IST

Updated : Dec 23, 2020, 3:48 PM IST

গোলাঘাটত জিলা প্ৰশাসনে ছীল কৰিলে গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৷ গোলাঘাট বিধানসভা সমষ্টিত হিংসা-প্ৰতিহিংসাৰ ৰাজনীতি আৰম্ভ হোৱাৰ অভিযোগ ।

gamariguri block congress office seal golaghat assam etv bharat news
গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয় ছীল

গোলাঘাট,23 ডিচেম্বৰ: এইবাৰ তলা ওলোমাই দিয়া হ’ল গোলাঘাট জিলাৰ কংগ্ৰেছৰ দুৰ্গ খ্যাত গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত ৷ অজন্তা নেওগৰ বিজেপি গমন একপ্ৰকাৰ নিশ্চিত হোৱাৰ পাছতেই একালৰ সতীৰ্থ কংগ্ৰেছ কৰ্মীসকলৰ শত্ৰু হৈ পৰিছে আন একাংশ কংগ্ৰেছ কৰ্মী ৷ বিজেপিমুখী একাংশ কংগ্ৰেছ কৰ্মীৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে বুধবাৰে ছীল কৰি দিয়ে গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয়টো ৷

গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয় ছীল

উল্লেখ্য যে, ব্লক কংগ্ৰেছৰ একাংশ বিষয়ববীয়াই অজন্তা নেওগৰ সৈতে বিজেপিমুখী হৈ পৰাৰ পিছতো কাৰ্যালয়টো কৰ্মীসকলে ব্যৱহাৰ কৰাত আপত্তি দৰ্শাই আন একাংশ কংগ্ৰেছ কৰ্মীয়ে ৷ সেই আপত্তিৰ ভিত্তিতে গোলাঘাট জিলা প্ৰশাসনে আইন শৃংখলা নিয়ন্ত্ৰণৰ স্বাৰ্থত কাৰ্যালয়টো ছীল কৰি দিয়ে ৷

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত ৷ বিধায়ক অজন্তা নেওগৰ উদ্যোগতে কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত এনে উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে গোলাঘাট জিলা কংগ্ৰেছৰ কৰ্মীসকলে ৷

লগতে চাওকঃ আস্থা ভোটত জয়ী হোৱাৰ দাবী বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ

Last Updated : Dec 23, 2020, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.