ETV Bharat / state

গোলাঘাটত পিইবি প্ৰযুক্তিৰে আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন - ASSAM CM

অসমৰ বিভিন্ন ঠাইত পিইবি প্ৰযুক্তিৰে প্ৰথম পৰ্যায়ত 100টা আৰক্ষী নিৱেশৰ স্থাপনৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ দেওবাৰে মাজুলীৰ জেংৰাইমুখৰ পৰা 72টা আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক নিৱেশসমূহে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি যোৱাৰ দিশত অসম আৰক্ষীক উৎসাহিত কৰাৰ লগতে প্ৰশাসন ব্যৱস্থাক অধিক সুচল কৰি তুলিব আশা কৰা হৈছে ।

Foundation stone laying programme of PEB Barracks for Assam Police
গোলাঘাটত পিইবি প্ৰযুক্তিৰে আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন
author img

By

Published : Nov 30, 2020, 8:08 AM IST

গোলাঘাট, 30 নৱেম্বৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে মাজুলীত মৈত্ৰী আঁচনিৰ অধীনত পিইবি প্ৰযুক্তিৰে নিৰ্মাণ কৰিবলৈ লোৱা আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰে ৷ মাজুলীৰ লগতে অসমৰ 72 টা স্থানত আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰা হয় । গোলাঘাট জিলাত তিনিখন বেৰেক থকাৰ বাবে গোলাঘাটতো অনুষ্ঠিত কৰা হয় এক উদ্বোধনী অনুষ্ঠান । গোলাঘাটৰ বগৰী জেং, বৰপথাৰ, বোকাখাতত নিৰ্মাণ কৰা হ’ব তিনিটা বেৰেক । এটা বেৰেকত 60 জনকৈ আৰক্ষী জোৱান থকাৰ ব্যৱস্থা কৰা হ'ব ।

গোলাঘাট জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো অনুষ্ঠিত কৰা হয় এই উদ্বোধনী অনুষ্ঠান ৷ গোলাঘাটত আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন অনুষ্ঠানটো উদ্বোধন কৰে আৰক্ষীৰ উপ মহা পৰিদৰ্শক সত্যৰাজ হাজৰিকাই । উক্ত আনুষ্ঠানত উপস্থিত থাকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, গোলাঘাট জিলা আৰক্ষী অধীক্ষ পুষ্প ৰাজ সিং, উপ আৰক্ষী অধীক্ষক মাধুৰ্য্য প্ৰসাদ বৰুৱা, গোলাঘাট সদৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক কুমাৰ বৰাৰ লগতে গোলাঘাট জিলাৰ বহু কেইগৰাকী আৰক্ষীৰ লোক ।

গোলাঘাটত পিইবি প্ৰযুক্তিৰে আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন

অসমৰ বিভিন্ন ঠাইত পিইবি প্ৰযুক্তিৰে প্ৰথম পৰ্যায়ত 100টা আৰক্ষী নিৱেশৰ স্থাপনৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক নিৱেশসমূহে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি যোৱাৰ দিশত অসম আৰক্ষীক উৎসাহিত কৰাৰ লগতে প্ৰশাসন ব্যৱস্থাক অধিক সুচল কৰি তুলিব আশা কৰা হৈছে ।

লগতে পঢ়ক : পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত জয়সাগৰ দলনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.