গোলাঘাট, 13 এপ্ৰিল : বৰ্ষীয়ান ৰাজনৈতিক নেতা বিনোদ গোৱালাৰ দেহাৱসান (Former minister Binod Gowala passed away) ৷ বিগত প্ৰায় ৪ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিনোদ গোৱালা ৷ উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ পৰা আনি তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷ কিন্তু বুধবাৰে দুপৰীয়া ১২.৪০ বজাত চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৰাজনৈতিক নেতাগৰাকীয়ে (Binod Gowala death news)৷
সৰুপথাৰৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালা বিগত কেইবাদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল (Binod Gowala admitted in GMCH) ৷ প্ৰায় ৪ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ গোলাঘাটত চিকিৎসাধীন অৱস্থাত থকা জ্যেষ্ঠ অগপ নেতাগৰাকীক উন্নত চিকিৎসাৰ বাবে পৰিয়ালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ আনে ৷
উল্লেখ্য যে, চাৰিবাৰকৈ সৰুপথাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা বিনোদ গোৱালা অগপ চৰকাৰৰ শেষৰটো কাৰ্যকালত সীমান্ত উন্নয়ন মন্ত্ৰীও আছিল (AGP government in Assam)। সৰুপথাৰ সমষ্টিৰ পৰা 1985 চনত নিৰ্দলীয় হিচাপে প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয় বিনোদ গোৱালা (Sarupathar MLA Binod Gowala)৷ 1991 চনত পুনৰ অগপৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে গোৱালাই ৷ তাৰ পাচত পুনৰ 1996 আৰু 2006 চনত বিনোদ গোৱালা বিধানসভালৈ নিৰ্বাচিত হয় ৷
ইফালে, সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে । এক শোকবাৰ্তাযোগে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বিনোদ গোৱালাৰ পৰলোকপ্ৰাপ্তিৰ খবৰটোৱে অতিশয় মৰ্মাহত কৰি তুলিছে ।
-
সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী শ্ৰীবিনোদ গোৱালাদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে অতিশয় মৰ্মাহত কৰি তুলিছে। দায়িত্বশীল জনপ্ৰতিনিধি তথা সহজ-সৰল শ্ৰদ্ধাৰ গোৱালাদেৱৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকবিহ্বল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। pic.twitter.com/d3StLRtjnp
— Himanta Biswa Sarma (@himantabiswa) April 13, 2022 " class="align-text-top noRightClick twitterSection" data="
">সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী শ্ৰীবিনোদ গোৱালাদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে অতিশয় মৰ্মাহত কৰি তুলিছে। দায়িত্বশীল জনপ্ৰতিনিধি তথা সহজ-সৰল শ্ৰদ্ধাৰ গোৱালাদেৱৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকবিহ্বল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। pic.twitter.com/d3StLRtjnp
— Himanta Biswa Sarma (@himantabiswa) April 13, 2022সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী শ্ৰীবিনোদ গোৱালাদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে অতিশয় মৰ্মাহত কৰি তুলিছে। দায়িত্বশীল জনপ্ৰতিনিধি তথা সহজ-সৰল শ্ৰদ্ধাৰ গোৱালাদেৱৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকবিহ্বল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। pic.twitter.com/d3StLRtjnp
— Himanta Biswa Sarma (@himantabiswa) April 13, 2022
এগৰাকী সহজ-সৰল ব্যক্তি হিচাপে পৰিচিত গোৱালাই প্ৰতিটো ক্ষণতে সমষ্টিবাসীৰ বাবে উৎসৰ্গিত মনোভাবেৰে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল । সম্প্ৰতি মুখ্যমন্ত্রীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । ইফালে অগপ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে আদি কৰি দলৰ প্ৰতিজন নেতা-কৰ্মীয়ে গোৱালাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : GMC Election 2022: কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিৰে অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি