গোলাঘাট,25 আগষ্ট: গোলাঘাটৰ কোভিড 19 চিকিৎসালয়ত মঙলবাৰে মৃত্যু ঘটে প্ৰথমগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ৷ মৃত ৰোগীগৰাকী 46 বছৰীয়া জান্টি দেৱ বুলি জানিব পৰা গৈছে । গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ 3নং ৱাৰ্ডৰ বাসিন্দা জাণ্টি দেৱে মঙলবাৰে পুৱা শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভোগাত চিকিৎসাৰ অৰ্থে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ আহে । চিকিৎসালয়খনত ৰোগীগৰাকীৰ দেহত ধৰা পৰে কোভিড 19 ৰ উপস্থিতি ৷ এই খবৰ প্ৰকাশ হোৱা মাত্ৰকে ততালিকে ৰোগীগৰাকীক ভৰ্তি কৰোৱা হয় কোভিড 19 চিকিৎসালয়ত ৷ ৰোগীগৰাকী ভৰ্তি হোৱাৰ কিছুসময় পিছতে মৃত্যুমুখত পৰে ৷
উল্লেখ্য যে, সম্প্ৰতি ৰাজ্যত 92,619 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে চিকিৎসাধীন হৈ আছে 19,274 গৰাকী ব্যক্তি ৷ তদুপৰি মৃত্য়ু ঘটিছে 252 গৰাকী ব্যক্তিৰ ৷