ETV Bharat / state

Emergency movie shooting: কাজিৰঙাত কংগনাৰ ছবিৰ দৃশ্যগ্ৰহণক লৈ বিতৰ্ক

author img

By

Published : Nov 26, 2022, 7:59 PM IST

কাজিৰঙাত কংগনাৰ ছবিৰ দৃশ্যগ্ৰহণৰ নামত বিতৰ্ক(Controversy in Emergency movie shooting) ৷ অনুমতি নোলোৱাকৈ দৃশ্যগ্ৰহণৰ অভিযোগ ৷

Controversy in Emergency movie shooting
Emergency movie shooting: কাজিৰঙাত কংগনা ছবিৰ দৃশ্যগ্ৰহণৰ নামত বিতৰ্ক

গোলাঘাট ,26 নৱেম্বৰ: কাজিৰঙাত কংগনা ৰাণাৱটৰ নতুন ছবি ’ইমাৰজেন্সী’ৰ দৃশ্যগ্ৰহণৰ সময়ত বিতৰ্কৰ সূত্ৰপাত (Controversy in Emergency movie shooting)। বিভাগীয় অনুমতি নোলোৱাকৈ কাজিৰঙাত কংগনাৰ ছবিৰ দৃশ্যগ্ৰহণ চলাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ কাজিৰঙাৰ অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীৰ(Kangkana Ranaut Emergency movie) ।

কাজিৰঙাত কংগনাৰ ছবিৰ দৃশ্যগ্ৰহণক লৈ বিতৰ্ক

উল্লেখ্য যে, অসম পৰ্যটন বিভাগৰ অধীনত কাজিৰঙাৰ বনশ্ৰী পৰ্যটন অতিথিশালাত কোনো অনুমতি নোহোৱাকৈ ’ইমাৰজেন্সী’ৰ ছবিখনৰ দৃশ্যগ্ৰহণ কৰাৰ অভিযোগ তুলিছে অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে । ছবিখনৰ দৃশ্যগ্ৰহণৰ সৈতে জড়িত স্থানীয় এগৰাকী লোক সমস্ত ঘটনাৰ সৈতে জড়িত হোৱাৰ অভিযোগ তুলিছে অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে(Kangkana Ranaut in Assam) ।

স্বপন তামুলী নামৰ স্থানীয় ব্যক্তিজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে । উল্লেখ্য যে, চৰকাৰী অতিথিশালাটোত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবদ কোনো প্ৰয়োজনীয় অনুমতি লোৱাৰ পৰিৱৰ্তে মাত্ৰ দুখনমান ফটো লোৱাৰ বাবেহে পৰ্যটন বিভাগৰ কৰ্মচাৰীক অৱগত কৰিছিল স্বপন তামুলী নামৰ স্থানীয় ব্যক্তিজনে(Assam tourism department) । কিন্তু পৰৱৰ্তী সময়ত দুখনমান ফটো তোলাৰ বিপৰীতে কংগনাৰ নতুন ছবি ’ইমাৰজেন্সী’ৰ দৃশ্যগ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে(Controversy in Kangkana Ranaut Emergency movie shooting) ।

দ্ৰোণ ব্যৱহাৰেৰে নতুন ছবিখনৰ দৃশ্যগ্ৰহণ কৰা বুলি অৱগত হোৱাৰ পাছতে ’ইমাৰজেন্সী’ৰ কলা-কুশলীৰ কৰ্ম-কাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্থানীয় স্বপন তামুলীৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে ।

সমস্ত ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্য দিছে পৰ্যটন বিভাগৰ কৰ্মচাৰীজনে । স্মৰ্তব্য যে এই দৃশ্যগ্ৰহণৰ সময়ত উপস্থিত নাছিল অভিনেত্ৰীগৰাকী ।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি বলিউডৰ অভিনেত্ৰী গৰাকী নতুন ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে অসমত আছিল ৷

লগতে পঢ়ক: Asom Jatiya Parishad reaction: মাটি আৰু মানুহক সুৰক্ষা দিব নোৱৰা চৰকাৰ ক্ষমতাত থকাৰ অধিকাৰ নাই: জগদীশ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.