ETV Bharat / state

ধনশিৰিত বিধ্বস্ত গড়কাপ্টানী বিভাগৰ পথ - সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ড

পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ লগতে, স্থানীয় বিধায়িকা ৰ'জলিনা তিৰ্কীয়েও পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Bad road condition at Dhansiri
ধনশিৰিত বিধ্বস্ত গঢ়কাপ্টানী বিভাগৰ পথ
author img

By

Published : Jul 12, 2020, 5:14 PM IST

সৰুপথাৰ, 12জুলাইঃ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ উৰিয়ামঘাটৰ পৰা ইকৰাণী, প্ৰেমহৰা হৈ বৰপথাৰ সংযোগী প্ৰায় বিশ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানী পথটো মেৰামতিৰ অভাৱত বিগত কেইবাবছৰ ধৰি জৰাজীৰ্ণ হৈ পৰিছে ৷ পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে ৷ পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ লগতে স্থানীয় বিধায়িকা ৰ'জলিনা তিৰ্কীয়েও পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷ ইপিনে পথছোৱাৰ অৱস্থা দেখি চেণ্ড গ্ৰেভেল পেলাই মেৰামতি কৰে ধনশিৰি মহকুমাৰ দৈয়াং ডাম্পাৰ মালিক সংস্থাই ৷ ডাম্পাৰৰ মালিক সকলে নিজা খৰছত পথটোত আজি প্ৰায় ১৭৫ ডাম্পাৰ চেণ্ড গ্ৰেভেল পেলাই জে চি বি ৰে মিলাই পথছোৱা মেৰামতি কৰে ৷

ধনশিৰিত বিধ্বস্ত গঢ়কাপ্টানী বিভাগৰ পথ
উল্লেখযোগ্য যে, অসম-নগালেণ্ড সীমান্তৰ দৈয়াং নদীৰ পৰা দৈনিক প্ৰায় চাৰি শতাধিক ডাম্পাৰে শিল কঢ়িয়ায় ৷ ধনশিৰি মহকুমাৰ বিভিন্ন স্থানৰ লগতে গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আদি উজনি অসমৰ বিভিন্ন প্ৰান্তত এই শিলসমূহ সৰবৰাহ কৰা হয় ৷ স্থানীয় ব্যৱসায়ী আৰু বহু নিৱনুৱা যুৱকে বেংকৰ পৰা ঋণ লৈ ডাম্পাৰ ক্ৰয় কৰি এই শিল কঢ়িওৱা ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে ৷ ইপিনে উৰিয়ামঘাট ইকৰাণী প্ৰেমহৰা হৈ বৰপথাৰ সংযোগী গড়কাপ্তানী পথছোৱা জৰাজীৰ্ণ হৈ পৰাত বিগত কেবা মাহ ধৰি সৰুপথাৰ নগৰৰ মাজেৰে ডাম্পাৰ সমূহ চলাচল কৰিছিল ৷ শিল কঢ়িওৱা গধুৰ গধুৰ ডাম্পাৰ সমূহ সঘনে চলাচলৰ ফলত সৰুপথাৰ নগৰৰ বাট-পথ সমূহ বিধস্ত হ'ব ধৰিছে ৷
Bad road condition at Dhansiri
ধনশিৰিত বিধ্বস্ত গঢ়কাপ্টানী বিভাগৰ পথ
লক্ষণীয় কথাটো হ'ল গড়কাপ্তানী পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত ডাম্পাৰ মালিকসকলে নিজা খৰছত শিল পেলাই যুদ্ধকালীন তৎপৰতাৰে পথ মেৰামতি কৰি আছে ৷ গড়কাপ্তানী বিভাগৰ তৰফৰপৰা পৰা পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে ডাম্পাৰ মালিকসকলে ৷লগতে পঢ়কঃ ভুৱা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা উৎখাত, বেংক কৰ্মচাৰীৰ পুত্ৰ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.