ETV Bharat / state

পথৰ মাজৰ গাঁতে জীয়াতু ভোগাইছে ৰাইজক !

খুমটাই সমষ্টিৰ অন্তৰ্গত গোহাঁই আলিৰ পৰা চাৰিঙ্গীয়া গাঁৱৰ মাজেৰে অকা মলুৱা সংযোগী সম্পূৰ্ণ পথচোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবে অসুস্থ ৰোগীকো চিকিৎসালয়লৈ নিবলৈ নাহে ১০৮ এম্বুলেঞ্চ ৷ বিধায়ক মৃণাল শইকীয়াক পথচোৱা নিৰ্মাণ কৰিবলৈ কাতৰ অনুৰোধ ৰাইজৰ ৷

author img

By

Published : Sep 6, 2019, 4:24 PM IST

থৰ মাজৰ প্ৰকাণ্ড গাঁতে জীয়াতু ভোগাইছে ৰাইজক

খুমটাই, 6 চেপ্তেম্বৰঃ খুমটাই সমষ্টিৰ অন্তৰ্গত গোহাঁই আলিৰ পৰা চাৰিঙ্গীয়া গাঁৱৰ মাজেৰে অকা মলুৱা সংযোগী সম্পূৰ্ণ পথটোৰ পুতৈ লগা অৱস্থা ৷ গোহাঁই আলিৰ পৰা অকামলুৱা সংযোগী প্ৰায় ৩ কি:মিটাৰ দৈঘ্যৰ এই মূল পথচোৱাত থকা প্ৰকাণ্ড গাঁতৰ বাবে সৃষ্টি হৈছে ভয়ংকৰ সমস্যা ৷ ৩০খন বিচনা যুক্ত চাৰিঙ্গীয়া স্বাস্থ্যকেন্দ্ৰ , চাৰিঙ্গীয়া পশু চিকিৎসালয়,কেইবাখনো বিদ্যালয়, আৰু মহাবিদ্যালয় লৈ যোৱা এই একমাত্ৰ পথটো এজাক বৰষুণ দিলেই সম্পূৰ্ণ বোকাময় হৈ পৰাৰ ফলত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সকলোৱে জীয়াতু ভূগিব লগা হয় ৷

উল্লেখ্য যে, এই বিধ্বস্ত পথৰ বাবেই সময় মতে ১০৮ এম্বুলেঞ্চ উপস্থিত হ'ব নোৱাৰাত উন্নত চিকিৎসাৰ অভাৱত কেইবাজনো লোক ইতিমধ্যে মৃত্যু মুখত পৰিছে ৷ বহু বাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত স্থানীয় ৰাইজে আবেদন কৰিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগে ৷ এতিয়া শেষ ভৰসা হিচাপে স্থানীয় বিধায়ক মৃণাল শইকীয়াক এই পথচোৱা ভালদৰে নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে ৰাইজে ৷

পথৰ মাজৰ প্ৰকাণ্ড গাঁতে জীয়াতু ভোগাইছে ৰাইজক

Intro:গোহাঁই আলিৰ পৰা অকামলুৱা সংযোগী প্ৰায় ৩ কি:মিটাৰ দৈঘ্যৰ এই মূল পথচোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ বাবে সৃষ্টি হৈছে ভয়ংকৰ সমস্যা।Body:

প্ৰায় ৩কি:মিটাৰ দৈঘ্যৰ খুমটাই সমষ্টিৰ অন্তৰ্গত গোহাঁই আলিৰ পৰা চাৰিঙ্গীয়া গাঁৱৰ মাজেৰে অকা মলুৱা সংযোগী সম্পূৰ্ণ পথচোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে। ৩০খন বিচনা যুক্ত চাৰিঙ্গীয়া স্বাস্থ্যকেন্দ্ৰ , চাৰিঙ্গীয়া পশু চিকিৎসালয়,কেইবাখনো বিদ্যালয়, আৰু মহাবিদ্যালয় লৈ যোৱা একমাত্র এইটোৱেই মূল পথ।এজাক বৰষুণ দিলেই এই সম্পূৰ্ণ পথচোৱা বোকাময় হৈ পৰাৰ ফলত বিদ্যালয় মহাবিদ্যালয়ৰ ছাএ ছাত্ৰী কে ধৰি স্বাস্থ্য কেন্দ্ৰলৈ যোৱাত সমগ্র অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই বিধ্বস্ত পথৰ বাবেই ১০৮ সময় মতে উপষ্ঠিত নোহোৱাত উন্নত চিকিৎসাৰ অভাৱত কেইবাজনো লোক ইতিমধ্যে মৃত্যু মুখত পৰিছে। পথচোৱা নিৰ্মাণ ৰ ক্ষেত্ৰত বহু বাৰ বিভাগীয় কৰ্তৃপক্ষ্যৰ ওচৰত আবেদন কৰিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগে। এতিয়া শেষ ভৰসা হিচাপে স্থানীয় বিধায়ক মৃনাল শইকীয়াৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিছে অঞ্চল বাসী ৰাইজে। কম সময়ৰ ভিতৰত এই সম্পূৰ্ণ পথচোৱা পকি কৰণৰ ওপৰত বেৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে।Conclusion:Byte 1/ পথচাৰী।

2/স্থানীয় ব্যক্তি
3/স্থানীয় মহিলা।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.