ETV Bharat / state

শিল্পীৰ তুলিকাত জীৱন্ত মোডী-ট্ৰাম্পৰ বিৰল মুহুৰ্ত

author img

By

Published : Sep 17, 2020, 3:24 PM IST

গোলাঘাটৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ অন্তৰংগ আলাপৰ এক বিৰল মুহুৰ্ত ৷ কিন্তু কোন এই গৰাকী শিল্পী ?

Artist painted modi trump worth moment in Golaghat
মোডী-ট্ৰাম্পৰ বিৰল মূহুৰ্ত

গোলাঘাট,17 ছেপ্তেম্বৰ: গোলাঘাটৰ এগৰাকী চিত্ৰশিল্পীয়ে অংকন কৰি উলিয়াইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ অন্তৰংগ আলাপৰ এক বিৰল মুহুৰ্তৰ দৃশ্য ৷ বাতৰি কাকতত প্ৰকাশ পোৱা এখন ফটোৰ ভিত্তিত চিত্ৰখন অংকণ কৰিছে গোলাঘাটৰ বিশিষ্ট চিত্ৰশিল্পী ৰাণা কলিতাই ৷ প্ৰধানমন্ত্ৰী মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে গোলাঘাট সাংবাদিক সংস্থাৰ কাৰ্যালয়ত উন্মোচন কৰা হয় চিত্ৰখনৰ ৷

মোডী-ট্ৰাম্পৰ বিৰল মূহুৰ্ত

উল্লেখ্য যে,উক্ত মুহুৰ্ততো বাতৰি কাকতত প্ৰকাশ পোৱাৰ পিছত চিত্ৰশিল্পী ৰাণা কলিতাই সযতনে ৰাখি থৈছিল ফটোখন ৷ সেই ফটোখনৰ পৰাই শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল দুই ৰাষ্ট্ৰ প্ৰধানৰ এখন বিশেষ চিত্ৰ ৷ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাই উন্মোচন কৰা দুই ৰাষ্ট্ৰ প্ৰধানৰ এই বিশেষ চিত্ৰখন দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰিব শিল্পী ৰাণা কলিতাই ৷ নতুন দিল্লী লৈ গৈ নিজ হাতে প্ৰধানমন্ত্ৰীগৰাকীক চিত্ৰখন অৰ্পণ কৰিব বুলি জনাইছে বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে ৷

লগতে পঢ়কঃ অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত জলেশ্বৰৰ শতাধিক ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.