ETV Bharat / state

এমাহত 6,000 টকাৰ বিদ্যুতৰ বিল: মূৰে-কঁপালে হাত দিছে গ্ৰাহকে

author img

By

Published : Jul 13, 2022, 10:37 PM IST

এমাহৰ বিল দেখি ত্ৰাহি মধুসূদন সুঁৱৰিলে খুড়ীয়ে ৷ এটা মাহতে এখন ঘৰলৈ এপিডিচিএলে বিল প্ৰেৰণ কৰিছে ৬,০০০ টকাৰ । অত্যাধিক বিল দেখি কেমেৰাৰ সন্মুখতে কান্দি উঠিছে উপভোক্তা মহিলাই (APDCL electricity bill scam at Bokakahat)৷

APDCL electricity bill scam at Bokakahat

বোকাখাত, 13 জুলাই : মূল্যবৃদ্ধিৰ পিছতে এইবাৰ বিদ্যুতৰ বিলে কন্দুৱাইছে ৰাইজক ৷ বোকাখাতত বিদ্যুতৰ বিলৰ নামত হাজাৰ হাজাৰ বিদ্যুতৰ বিলৰ নামত মাধমাৰ একাংশ লোকক ৷ এমাহৰ বিল দেখি ত্ৰাহি মধুসূদন সুঁৱৰিলে খুড়ীয়ে ৷

পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পৰা বৰ্তমান অসম শক্তি বিতৰণ কোম্পানীলৈ ক্ষমতা হস্তান্তৰ হোৱাৰ পিছত কোম্পানীটোৰ একাংশ কৰ্মচাৰী নামিছে অবৈধ ধন সংগ্ৰহ অভিযানত । বোকাখাতৰ বিভিন্ন স্থানত শক্তি বিভাগৰ বিৰুদ্ধে সৰৱ হৈছে উপভোক্তা তথা স্থানীয় ৰাইজ (APDCL electricity bill scam at Bokakahat)৷

এমাহত 6000 টকাৰ বিদ্যুতৰ বিল

বুধবাৰে বোকাখাত পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ বিষ্ণুপুৰৰ গাঁৱৰ প্ৰায়সকল লোকেই বিদ্যুতৰ বিল দেখি ৰাজপথলৈ ওলাই আহে ৷ বোকাখাতৰ অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত সাধাৰণতে প্ৰতি মাহে উপভোক্তালৈ ৮০ টকাৰ পৰা ৩০০ ৰ পৰা ৬০০ টকা পৰ্যন্ত বিল আহে ৷ কিন্তু এটা মাহতে এখন ঘৰলৈ এপিডিচিএলে বিল প্ৰেৰণ কৰিছে ৬,০০০ টকাৰ পৰা ১০,০০০ টকা পৰ্যন্ত । অত্যাধিক বিল দেখি কেমেৰাৰ সন্মুখতে কান্দি উঠে উপভোক্তা মহিলাই ৷

ক্ষোভিত ৰাইজে কয় যে অঞ্চলটোত নতুনকৈ নিয়োজিত নিবেদিতা নামৰ মিটাৰ ৰিডাৰ গৰাকীয়ে মিটাৰ ৰিডিং কৰাৰ পৰাই এই অত্যাধিক বিল আহিছে ৷ অনুৰূপ ঘটনা সংঘটিত হৈছে বোকাখাতৰ আন আন অঞ্চলতো ৷

কিন্তু অসম শক্তি বিতৰণ কোম্পানীৰ বোকাখাত শাখাৰ উপ পৰিচালক পবিত্ৰ শইকীয়াই মিটাৰ ৰিডাৰ কৰা নিবেদিতাৰ পক্ষ লৈ মিটাৰ ৰিডাৰ গৰাকীৰ কোনো ভুল কৰা নাই বুলি কয় ৷ এই বৃহৎ পৰিমানৰ ধন বিদ্যুৎ উপভোক্তাই কিস্তি হিচাপত বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ অত্যাধিক বিদ্যুৎ বিল আৰু অনিয়মীয়া বিদ্যুত যোগানৰ বাবে এতিয়া অতিস্থ হৈ পৰিছে বোকাখাতৰ ৰাইজ ৷

লগতে পঢ়ক : Public protest at Jonai: অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ জোনাইবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.