ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল পক্ষী গণনা - স্থায়ী আৰু পৰিভ্ৰমী পক্ষীৰ গণনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা আৰম্ভ হৈছে স্থায়ী আৰু পৰিভ্ৰমী পক্ষীৰ গণনা ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল পক্ষী গণনা

author img

By

Published : Feb 6, 2021, 2:05 PM IST

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰৰ পৰা আৰম্ভ হৈছে বাৰ্ষিক পক্ষী গণনা কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত একেলগে আৰম্ভ হৈছে পক্ষীৰ গণনা ৷

ইয়াৰ ভিতৰত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলত 22 জন পৰ্যবেক্ষকৰ লগতে 24 জন স্বেচ্ছাসেৱক, নগাঁৱত পাঁচটা দল আৰু বিশ্বনাথটো পাঁচটাকৈ দলে চলাইছে গণনা ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত চহলা, শোকানি, বেঙাবিল, ডাফলাং, বৰবিল, বান্দৰডুবি, পতাহি, ডোঙা আদি বিলক গণনাৰ বাবে সামৰি লোৱা হৈছে ৷

শনিবাৰে পক্ষী গণনা সম্পন্ন হোৱাৰ পিচত দেওবাৰে সকলো তথ্য একত্ৰীকৰণ কৰা হ’ব আৰু পক্ষীৰ সংখ্যা প্ৰকাশ কৰা হ’ব ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এইবাৰ উদ্যানত পক্ষীৰ সংখ্যা বৃদ্ধি পাব বুলি আশা ব্যক্ত কৰিছে ৷

লগতে পঢ়ক : নিৰ্বাচনৰ প্ৰাকক্ষণত চাহ জনজাতিলৈ মনত পৰে চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.