ETV Bharat / state

Demand for ST status: বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীত জনজাতিকৰণৰ দাবীত তুলিলে আছাই

পুনৰ জনজাতিকৰণৰ দাবী তুলিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৬ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠানত উপস্থিত থাকি এই দাবী তোলে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক বেনেদী তপ্পই ৷

Demand for ST status
বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীত জনজাতিকৰণৰ দাবীত তুলিলে আছাই
author img

By

Published : Nov 15, 2021, 9:26 PM IST

বোকাখাত, 15 নৱেম্বৰ : বোকাখাত নাট্য মন্দিৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৬ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক বেনেদী তপ্পই কয়, চাহ জনগোষ্ঠীৰ অন্যতম এই আদিবাসীসকল ৷ আদিবাসীসকলকহে জনজাতিকৰণ কৰিব লাগে আৰু জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগে ৷

কিন্তু জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াটোক অসম চাহ মজদুৰ সংঘৰ লগতে বৰ্তমানৰ চাহ জনগোষ্ঠী ৰাজনীতিকৰণ কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷ তাৰ বাবে জনগোষ্ঠীয় মহাসভাৰ সভাপতি তথা বিধায়ক টেৰছ গোৱালাৰ লগতে মুখ্যমন্ত্ৰীক ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে ছাত্ৰ নেতা গৰাকীয়ে ৷

বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীত জনজাতিকৰণৰ দাবীত তুলিলে আছাই

লগতে পঢ়ক: কোনে শুনে কাৰ কথা, ঘোষণাৰ পিছতো প্ৰত্যাহাৰ হোৱা নাই Ceiling ব্যৱস্থা

লগতে আদিবাসীসকলৰ সুকীয়াকৈ জাতিগত প্ৰমাণ পত্ৰ শুধৰণি কৰি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে আদিবাসী ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে ৷ আদিবাসীসকলক জাতিগত প্ৰমাণ প্ৰদান কৰাৰ লগতে মাটি পট্টা প্ৰদান আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰো দাবী উত্থাপন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক গৰাকীয়ে ৷

উল্লেখ যে, চাহ জনগোষ্ঠীৰ অন্যান্য সম্প্ৰদায় সমূহকো জাতিগত প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত নকৰি পৰ্যায় ক্ৰমে আদিবাসীসকলক আদিবাসী প্ৰমাণ পত্ৰ প্ৰদানৰ দাবী জনাই অসম আদিবাসী ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: MLA Training Camp: মুম্বাইৰ পিছত এইবাৰ দিছপুৰত বিধায়কৰ প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.