ETV Bharat / state

কাজিৰঙা(KAZIRANGA)ত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু - কাজিৰঙা

শুকুৰাবাৰে বোকাখাত মহকুমাৰ জাপৰি পথাৰত উদ্ধাৰ হ'ল এটা মৃত ঢেকীয়াপতীয়া বাঘ । বৃহস্পতিবাৰে উক্ত এলেকাত ত্ৰাসৰ সৃষ্টি কৰিছিল বাঘটোৱে ।

A TIGER WAS FOUND DEAD IN KAZIRANGA NATIONAL PARK
কাজিৰঙাত মৃত ঢেকীয়াপতীয়া বাঘ উদ্ধাৰ
author img

By

Published : Jun 18, 2021, 10:16 PM IST

গোলাঘাট, ১৮ জুন: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(KAZIRANGA NATIONAL PARK)ৰ কঁহৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰত অৱস্থিত জাপৰি পথাৰত উদ্ধাৰ হ'ল এটা মৃত ঢেকীয়াপতীয়া বাঘ । শুকুৰবাৰে পুৱা বন কৰ্মীয়ে বাঘটো প্ৰত্যক্ষ কৰে । গাঁওখনৰ প্ৰাথমিক বিদ্যালয়ৰ ওচৰতো এঘৰৰ বাৰীৰ সমীপত মৃত বাঘটো প্ৰত্যক্ষ কৰিছিল ।

অৱশ্যে, বাঘটোৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । সম্প্ৰতি ঘটনাস্থলীত বন বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰো ব্যৱস্থা কৰিছে । জানিব পৰা মতে, মতা ঢেকীয়াপতীয়া বাঘটোৱে বৃহস্পতিবাৰে উক্ত এলেকাত ত্ৰাসৰ সৃষ্টি কৰিছিল ।

এটা পশুধনো নিধন কৰিছিল বাঘটোৱে । বাঘৰ মুক্ত বিচৰণক লৈ শংকিত হৈ পৰিছিল গাঁওবাসী । ইয়াৰ পিছতে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে ।

কাজিৰঙাত মৃত ঢেকীয়াপতীয়া বাঘ উদ্ধাৰ

বাঘ খেদোৱাৰ বাবে বন বিভাগে গুলীচালনাও কৰিছিল । ভয়াৱহ অঘটন সংঘটিত হোৱাৰ আশংকাত নিশা কটাইছিল ৰাইজে । অৱশেষত শুকুৰবাৰে পুৱা মৃত বাঘটো উদ্ধাৰ হয় । পুৱা বাঘটো সেই স্থানৰ পৰা গ'ল নে নাই সেয়া চাবলৈ আহিছিল বন কৰ্মীৰ দল । তেওঁলোকে মৃত অৱস্থাত বাঘটো উদ্ধাৰ কৰে ।

ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত কহঁৰা বনাঞ্চলৰ টাজেং বনশিবিৰ এলেকাত ঢেকীয়াপতীয়া বাঘৰ মৃত পোৱালি উদ্ধাৰ হৈছিল । এই পোৱলিটোৰ শৰীৰত আঘাতৰ চিন দেখা গৈছিল । আন বাঘে আক্ৰমণ কৰাৰ ফলতে পোৱালিটোৰ মৃত্যু হোৱা বুলি চিকিৎসকে নিশ্চিত কৰিছিল ।

এতিয়াও মৰণোত্তৰ পৰীক্ষাৰ অন্তত ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব । আনহাতে, বাঘটোৰ মৃত্যু কেনেদৰে হ'ল সেই বিষয়ে তদন্ত কৰা হ'ব বুলি জানিবলৈ দিছে বন বিষয়াই ।

ইফালে, খাদ্যৰ সন্ধানত প্ৰায়েই বনাঞ্চলৰ পৰা বাঘ, হাতী আদি জন্তু ওলাই আহি বনাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে । আনহাতে, বাৰিষা বানৰ সময়তো ওখ স্থান বিচাৰি জন্তুবোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাহিৰলৈ ওলাই আহে ।

লগতে পঢ়ক:যানবাহন আইন উলংঘনকাৰীৰ পৰা জৰিমনা আদায় বৰপেটা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.