বোকাখাট, 11 জুলাই : বানৰ মাজত নাৱতেই জন্ম সন্তান ৷ বোকাখাটৰ 1 নং অফলা গাঁওত বানৰ প্ৰকোপত নাৱতেই জন্ম হয় এটি শিশুৰ ৷ গাঁও খনৰ দুলাল ছেত্ৰীৰ পত্নী ৰুমী ছেত্ৰীক প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ লগে লগে আশা কৰ্মী মঞ্জু ছেত্ৰীৰ সহায়ত নাৱত হস্পিতাললৈ আনি থকা অৱস্থাত পানীৰ মাজতেই জন্ম দিয়ে এটি লৰা সন্তান ৷ বৰটিকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী ত্ৰৈলোক্য শইকীয়াই নাৱতেই প্ৰসৱোত্তৰ কাম কৰাৰ পাছত ভৰ্তি কৰায় বোকাখাতৰ ছহিদ কমলা মিৰি চিকিৎসালয়ত ৷ বৰ্তমান মাতৃ আৰু শিশুটি দুয়ো সুস্থ ৷ নৌকাস্থ হোৱা বাবে শিশুটোৰ নাম ৰাখিছে কৃষ্ণ ৷
ভয়াবহ বতাহ বৰষুণৰে বানৰ মাজত নৌকাস্থ হ'ল কৃষ্ণ - flood-affected-area-of-bukakha
বোকাখাটৰ 1 নং অফলা গাঁওত বানৰ প্ৰকোপত নাৱতেই জন্ম হয় এটি শিশুৰ ৷ নৌকাস্থ হোৱা শিশুটোৰ নাম ৰাখিছে কৃষ্ণ
বোকাখাট, 11 জুলাই : বানৰ মাজত নাৱতেই জন্ম সন্তান ৷ বোকাখাটৰ 1 নং অফলা গাঁওত বানৰ প্ৰকোপত নাৱতেই জন্ম হয় এটি শিশুৰ ৷ গাঁও খনৰ দুলাল ছেত্ৰীৰ পত্নী ৰুমী ছেত্ৰীক প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ লগে লগে আশা কৰ্মী মঞ্জু ছেত্ৰীৰ সহায়ত নাৱত হস্পিতাললৈ আনি থকা অৱস্থাত পানীৰ মাজতেই জন্ম দিয়ে এটি লৰা সন্তান ৷ বৰটিকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী ত্ৰৈলোক্য শইকীয়াই নাৱতেই প্ৰসৱোত্তৰ কাম কৰাৰ পাছত ভৰ্তি কৰায় বোকাখাতৰ ছহিদ কমলা মিৰি চিকিৎসালয়ত ৷ বৰ্তমান মাতৃ আৰু শিশুটি দুয়ো সুস্থ ৷ নৌকাস্থ হোৱা বাবে শিশুটোৰ নাম ৰাখিছে কৃষ্ণ ৷
boat baby
Conclusion: