ETV Bharat / state

সমন্বয়ৰ অন্যন্য নিৰ্দশন শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী

অধিৱেশন স্থলীৰ বাকৰিত আঠু লৈ আল্লাৰ ওচৰত নামাজ পঢ়ি দোৱা ল'লে ইছলাম আৰু হিন্দু ধৰ্মাৱলম্বীৰ লোকসকলে ৷ অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰত অহৰহ উচ্চাৰিত হৈ থকা হৰি নামৰ ধ্বনিৰ সমান্তৰালকৈ মুছলমান লোকসকলে পাঠ কৰিছে নামাজৰ দোৱা ৷

author img

By

Published : Feb 3, 2020, 10:53 AM IST

89th Ssnkardev Sangha Bokakhat conference
সমন্বয়ৰ অন্যন্য নিৰ্দশন শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী

বোকাখাট,3 ফেব্ৰুৱাৰীঃ 89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাত্ৰ এটা দিন ৷ হিন্দু মুছলমানৰ সমন্বয়ৰ অন্যন্য নিৰ্দশন অধিৱেশনস্থলীত ৷ অধিৱেশনস্থলীৰ বাকৰিত আঠু লৈ আল্লাৰ ওচৰত নামাজ পঢ়ি দোৱা ল'লে ইছলাম আৰু হিন্দু ধৰ্মাৱলম্বীৰ লোকসকলে ৷ অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰত অহৰহ উচ্চাৰিত হৈ থকা হৰি নামৰ ধ্বনিৰ সমান্তৰালকৈ মুছলমান লোকসকলে পাঠ কৰিছে নামাজৰ দোৱা ৷ মুঠৰ ওপৰত বৃহত্তৰ গোলাঘাটবাসী ৰাইজৰ কামনা সুকলমে সম্পন্ন হওক শংকৰদেৱ সংঘৰ বোকাখাট অধিৱেশন ৷

সমান্তৰালকৈ, অধিৱেশনস্থলীত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিবৰ বাবে সষ্টম গোলাঘাট আৰক্ষী ৷ গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াই জনায় যে, অধিৱেশন স্থলীলৈ কোন কেনেকৈ আহিব, ক’ত ন’ এন্ট্ৰি থাকিব উজনি আৰু নামনিৰ পৰা অহা ভক্ত সকলে কোন দিশেৰে অধিৱেশনস্থলীত প্ৰৱেশ কৰিব সকলোৰে দিশতে নিৰাপত্তাৰ সু-ব্যৱস্থা গঢ়ি তুলিছে গোলাঘাট আৰক্ষীয়ে ৷

অধিৱেশনস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

আনহাতে, অধিৱেশনৰ বাবে বোকাখাট সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই আগবঢ়ায় ২০ লাখ টকাৰ শাক পাচলি ৷ বোকাখাটৰ কুৰুৱাবাহী চহলাত গোলাঘাট কৃষি বিভাগ আৰু স্থানীয় কৃষকৰ দ্বাৰা কৰা খেতিৰ শাক-পাচলিৰেই ৰাজ্যৰ ভকত বৈষ্ণৱসকলক আদৰাৰ প্ৰস্তুতি চলোৱা হৈছে ৷ লগতে মন্ত্ৰী অতুল বৰাই অধিৱেশন স্থলী পৰিভ্ৰমণ কৰি বুজ লয় বিভিন্ন দিশৰ ৷

অধিৱেশনলৈ ২০ লাখ টকাৰ শাক পাচলি আগবঢ়য় অতুল বৰাই

লগতে পঢ়ক-বিলাসীপাৰাত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা : এসপ্তাহে উৰি থাকিল তিৰংগা

Intro:৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাট অধিৱেশন লৈ মাজত মাত্ৰ এটা দিন। বোকাখাট বাসীৰ এটাই উদ্দেশ্য সুকলমে পাৰ হওক ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। পিছ পৰি থকা নাই ইছলাম ধৰ্মাৱলম্বী লোকো। অধিৱেশন স্থলীৰ বাকৰিত আঠু লৈ আল্লাৰ ওচৰত নামাজ পঢ়ি দোৱা ললে ইছলাম ধৰ্মী আৰু হিন্দু ধৰ্মীয় লোকে।

Body:মুকলি আকাশৰ তলত আল্লাৰ ওচৰত দোৱা। এইয়া কোনো মছজিদৰ মজিয়া নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন স্থলীৰ দৃশ্য এইয়া। হিন্দু মুছলমানৰ সমন্বয়ৰ এক নিদৰ্শন দেখা গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাট অধিৱেশনত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ উদযাপন সমিতিৰ সম্পাদক আৰু বিষয়-ববীয়াক লৈ দোৱা এইসকল ইছলাম ধৰ্মী লোকৰ। ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহবলৈ, প্ৰাকৃতিক দুৰ্যোগ নহবলৈ আৰু কৰ্মকৰ্তা সকলক অধিৱেশন সুকলমে পাৰ কৰিবলৈ শক্তি প্ৰদানৰ বাবে আল্লাৰ ওচৰত দোৱা। এফালে নামাজৰে দোৱা আনফালে অস্থায়ী নামঘৰত অহৰহে উচ্চাৰিত হৈ আছে হৰি নামৰ ধ্বনি। মুঠৰ ওপৰত হিন্দু, মুছলমান সকলোৰে কামনা সুকলমে সম্পন্ন হওক ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন।

Conclusion:Byte 1: চৈয়দ আনিচুৰ ৰহমান, দোৱা কৰোতা।
Byte 2: চন্দ্ৰকান্ত ভূঞা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদযাপন সমিতিৰ সম্পাদক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv bharat অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.