গোৱালপাৰা, 12 অক্টোবৰ: দুধনৈত ছাত্ৰীক নিৰ্যাতন কৰি বিপদত পৰিল দুগৰাকীকৈ শিক্ষক ৷ দীৰ্ঘদিনৰ পৰাই শ্ৰেণীকোঠা আৰু টিউচনত কেইগৰাকীমান ছাত্ৰীক যৌন নিৰ্যাতন চলাই আছিল বুলি অভিযোগ উত্থাপিত হৈছে দুধনৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দুই শিক্ষক গোপাল শৰ্মা আৰু ৰমেশ কলিতাৰ বিৰুদ্ধে ৷
শিক্ষক দুজনৰ এই কাৰ্যত অতিষ্ঠ হৈ ছাত্ৰীকেইগৰাকীয়ে প্ৰথমে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে ৷ ছাত্ৰীৰ অভিযোগৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই দুয়োজন শিক্ষকক শাস্তিমূলকভাৱে বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰে ৷ ছাত্ৰীক যৌন আতিশায্য চলোৱাৰ খবৰ পাই শিশু কল্যাণ সমিতিয়ে ভুক্তভোগী ছাত্ৰীৰ সাক্ষ্য লৈ দুধনৈ থানাত এখন এজাহাৰ দাখিল কৰে ৷
শিশু কল্যাণ সমিতিয়ে দাখিল কৰা সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে শিক্ষক দুজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷