ETV Bharat / state

গোৱালপাৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ লুণ্ঠনঃ বঞ্চিত প্ৰকৃত হিতাধিকাৰী

author img

By

Published : Sep 11, 2020, 2:22 PM IST

মূলত 37 নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত কল্যাণপুৰ গাওঁ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তটোৰ অন্তৰ্গত বহু লোকে ৷

Scam at PMAYG scheme at Goalpara
গোৱালপাৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ লুণ্ঠনঃ বঞ্চিত প্ৰকৃত হিতাধিকাৰী

গোৱালপাৰা, 11 ছেপ্তেম্বৰ: গোৱালপাৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ লুণ্ঠন সংঘটিত হোৱাৰ অভিযোগ । হিতাধিকাৰীক ঘৰ দিয়াৰ নামত বিষয়া কৰ্মচাৰীয়ে উৎকোচ বিচৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ ধন দিব নোৱাৰিলে প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ পৰা বঞ্চিত হব লগীয়া হয় দৰিদ্ৰ নীপিড়িত ৰাইজ ৷ উল্লেখ্য যে, মূলত 37 নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত কল্যাণপুৰ গাওঁ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তটোৰ অন্তৰ্গত বহু লোকে ৷

একেটা পৰিয়ালেই দুই তিনিটাকৈ ঘৰ পোৱাৰ বিপৰীতে প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ ইপিনে স্থানীয় প্ৰতিনিধি তথা কল্যাণপুৰ গাওঁ পঞ্চায়তৰ সভাপতি হিতেশ মণ্ডলে ঘৰ দিয়াৰ নামত বহু পৰিয়ালৰ পৰা এহেজাৰ টকাকৈ দালালৰ জড়িয়তে সংগ্ৰহ কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰি পঞ্চায়তটোৰ অধীনৰ এগৰাকী দৰিদ্ৰ বঞ্চিত হিতাধিকাৰীয়ে ৷

আনহাতে পঞ্চায়ত সভাপতি অথবা ৱাৰ্ড মেম্বাৰক প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ সন্দৰ্ভত কিবা সুধিলে গালি-শপনি পৰাৰ অভিযোগ ৰাইজৰ ৷ আনকি "তহঁতে বিজেপিক ভোট দিয়া নাই, ঘৰ কৰ পৰা পাবি" এই বুলিও একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে গালি-শপনি পৰাৰ অভিযোগ কৰে একাংশ বঞ্চিত হিতাধিকাৰীয়ে ।

লগতে পঢ়কঃ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান"ৰ কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.