ETV Bharat / state

গোৱালপাৰাত উদুলি-মুদুলি ৰেন্দু পেন্দু পাহাৰৰ বাকৰি - ৰাভা হাচঙ

গোৱালপাৰা মাকৰিৰ ৰেন্দু পেন্দু পাহাৰত ৰাভা সংস্কৃতি সমাৰোহ ২০২১ । সাংস্কৃতিক সমাৰোহ উপলক্ষে উদুলি-মুদুলি ৰেন্দু পেন্দু পাহাৰৰ বাকৰি ।

ৰাভা সংস্কৃতি সমাৰোহ ২০২১
ৰাভা সংস্কৃতি সমাৰোহ ২০২১
author img

By

Published : Feb 26, 2021, 7:14 PM IST

গোৱালপাৰা, ২৬ ফেব্ৰুৱাৰী:গোৱালপাৰা জিলাৰ মাকৰিৰ ৰেন্দু পেন্দু পাহাৰত ৰাভা সংস্কৃতি সমাৰোহ ২০২১ । শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত কৰা হয় এই সমাৰোহ । ৰাভা হাচঙৰ যিসকলে লোক আত্মবলিদান দিছিল সেইসকল শ্বহীদলৈ প্ৰণাম জনাই আৰম্ভ কৰা হয় এই সাংস্কৃতিক সমাৰোহ । কাৰ্যসূচীৰ প্ৰথম দিনাখন ৰাভা হাচঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰাৰ পাচতে প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে ।

ৰাভা সংস্কৃতি সমাৰোহ ২০২১
ৰাভা সংস্কৃতি সমাৰোহ ২০২১

ইয়াৰ পাছতে ৰেন্দু পেন্দু পাহাৰত অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী । উল্লেখ্য যে, শুকুৰবাৰৰ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে উপস্থিত থাকিব নোৱাৰাত দুখ প্ৰকাশ কৰি এক বাৰ্তা প্ৰেৰণ কৰে । এই সাংস্কৃতিক সমাৰোহৰ উদ্বোধনী উপলক্ষে আয়োজিত হয় এক মুকলি সভা । সাংস্কৃতিক সমাৰোহ উপলক্ষে মাকৰিৰ ৰেন্দু পেন্দু পাহাৰ উদুলি-মুদুলি হৈ পৰে ।

গোৱালপাৰাত উদুলি-মুদুলি ৰেন্দু পেন্দু পাহাৰৰ বাকৰি

এই সমাৰোহত ৰাভা যুৱক-যুৱতীসকলে স্বজনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰিত কৰি তোলে সাংস্কৃতিক সমাৰোহস্থলী । সমাৰোহৰ মুকলি সভাত উপস্থিত থাকে ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বিৰুৱালা ৰাভা, বিশিষ্ট কমেডিয়ান বিপুল ৰাভা, ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ সভাপতি চাৰু মোহন ৰাভা, ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ সম্পাদক শ্যামজিত ৰাভা, ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য সচিব ৰাজ কুমাৰ ৰাভাৰ লগতে ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ কেইবাগৰাকী বিষয়ববীয়া ।

লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ড৹ লীলাকান্ত নাথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.