গোৱালপাৰা, 15 মেঃ দেওবাৰে ঘোষিত হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে গোৱালপাৰাৰ ছেলিম আহমেদে ৷ জিলাখনৰ ৰাখালডুবি হাই মাদ্ৰাছাৰ ছাত্ৰগৰাকীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ ৷
ৰাখালডুবি গাঁৱৰ আছান আলী আৰু ছাহেৰা খাতুনৰ পুত্ৰ ছেলিম আহমেদে সৰ্বমুঠ 561 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰগৰাকীয়ে অসমীয়াত 45 নম্বৰ, ফিকা 42 নম্বৰ, ইংৰাজী 91 নম্বৰ, গণিতত 100 নম্বৰ, বিজ্ঞান 98 নম্বৰ, সমাজ বিজ্ঞানত 90 নম্বৰ, আৰৱীত 95 নম্বৰ লাভ কৰে । ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে মেধাবী ছাত্ৰজনে ৷