ETV Bharat / state

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে গোৱালপাৰাত প্ৰতিবাদ

author img

By

Published : Nov 18, 2020, 9:43 PM IST

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে গোৱালপাৰাত প্ৰতিবাদ গোৱালপাৰা প্ৰেছ ক্লাবৰ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় চিপিআই'ৰ জ্যেষ্ঠ নেতা শৈলেন দাস,চিপিআই(এমৰ)জিলা সম্পাদক ননী দাসে ৷

as_gol_802_reporter_protest_img_as10022
সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে গোৱালপাৰাত প্ৰতিবাদ

গোৱালপাৰা, 18 নৱেম্বৰঃ ৰাজ্যত সংঘটিত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে গোৱালপাৰত প্ৰতিবাদ ৷ সাংবাদিক কৰ্ম পৰিষদ অসমৰ জিলা সমিটিৰ উদ্যোগত আৰু গোৱালপাৰা প্ৰেছ ক্লাবৰ সহযোগত গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে চিপিআই'ৰ জ্যেষ্ঠ নেতা শৈলেন দাসৰ লগতে চিপিআই(এম)ৰ জিলা সম্পাদক ননী দাস ৷ আনহাতে,জ্যেষ্ঠ অধিবক্তা জিতেন দাসে কয় ক্ষমতাই গণতন্ত্ৰক স্বৈৰতন্ত্ৰলৈ ৰূপান্তৰিত কৰে । আজি ভাৰত তথা অসমত এনে পৰিস্থিতিয়ে বিৰাজ কৰিছে । গতিকে সাংবাদিক সকল ঐক্যবদ্ধহৈ সাহসেৰে যুঁজ কৰাৰ মানসিকতা গঢ়ি লওক । কাৰণ ভাৰতীয় সংবিধানে গণতন্ত্ৰৰ তিনিটা অংগ কাৰ্যপালিকা,ন্যায়পালিকা আৰু বিধানমণ্ডলক যিধৰণে সুৰুক্ষিত কৰিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদকৰ্মী সকলক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে ৷

ইয়াৰ উপৰিও এই প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিকক নিৰাপত্তা প্ৰদান কৰা,সাংবাদিক পৰাগ ভূঁঞাৰ পৰিয়ালবৰ্গক ৫০ লক্ষ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা,সাংবাদিক মিলন মহন্তৰ নিৰ্যাতনকাৰীক অতিশীঘ্ৰে কৰায়ক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে গোৱালপাৰা প্ৰেছ ক্লাৱৰ সভাপতি আব্দূছ ছবাহনে ৷

লগতে পঢ়ক-ৰাজনৈতিক হত্যাৰ বলি হৈছিল নেকি লাফিকুল ইচলাম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.