গোৱালপাৰা,11 মাৰ্চঃ ৰাভা হাছঙৰ বাবে যিসকল লোকে আত্মবলিদান দিছে সেইসকল শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে আৰম্ভ হয় ৰাভা হাছং সাংস্কৃতিক সমাৰোহ । কাৰ্যসূচী অনুসৰি ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ পিছত প্ৰদৰ্শনীৰ দ্বাৰা মুকলি কৰে ৷ ইয়াৰ পাছত ৰেন্দু পেন্দু পাহাৰত অনুষ্ঠিত হয় বাৰেৰহণীয়া কাৰ্যসূচী ৷ এই সাংস্কৃতিক সমাৰোহৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ সাংস্কৃতিক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ৷
সাংস্কৃতিক সমাৰোহখনিৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে আয়োজিত হয় এক মুকলি সভা । উক্ত সভাত মন্ত্ৰী নৱ কুমাৰ দলে ৰাভা জনগোষ্ঠীৰ "ৰাভা সমাজৰ সামাজিক আইন আৰু দণ্ডবিধি" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে । আনহাতে,ৰাভা যুৱক-যুৱতীসকলে জনগোষ্ঠীয় নৃত্য-গীতেৰে মুখৰিত কৰি তোলে সাংস্কৃতিক সমাৰোহস্থলী ৷ সমাৰোহৰ মুকলি সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে নৱ কুমাৰ দলেৰ লগতে বিধায়ক দীপক কুমাৰ ৰাভা আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ।
লগতে চাওকঃআমি ১০০খন আসন লাভেৰে আকৌ দিছপুৰ আহিমঃ প্ৰশান্ত ফুকন