ETV Bharat / state

গোৱালপাৰাত মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভ - গোৱালপাৰাত

গ্ৰাম্যাঞ্চলৰ নিবনুৱাক স্বাৱলম্বী কৰা আৰু যাতায়াত সুচল কৰাৰ উদ্দেশ্যেৰে ৰূপায়ণ কৰা হৈছে মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনি । শনিবাৰে এই আঁচনিৰ অধীনত গোৱালপাৰাত ৫ গৰাকী হিতাধিকাৰীক লঘু বাহন প্ৰদান কৰা হয় ।

গোৱালপাৰাত ৫ গৰাকী হিতাধিকাৰীক লঘু বাহন প্ৰদান

author img

By

Published : Dec 5, 2020, 7:34 PM IST

গোৱালপাৰা, ৫ ডিচেম্বৰ: গোৱালপাৰাত শুভাৰম্ভণি কৰা হ'ল মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনি । শনিবাৰে গোৱালপাৰা জিলা উপায়ুক্তৰ সভা কক্ষত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত জিলা উপায়ুক্ত বৰ্ণালী ডেকা, দুধনৈ সমষ্টিৰ বিধায়ক দীপক ৰাভা, পৰিবহণ বিষয়া, যানবাহন পৰিদৰ্শক, জেষ্ঠ অধিবক্তাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে । আজি গোৱালপাৰা পাঁচ জনকৈ হিতাধিকাৰীক বাহন প্ৰদান কৰি আঁচনিৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্তগৰাকীয়ে । ইয়াৰে তিনিখন লঘু বাহন আৰু দুখন ই-ৰিক্সা ।

গোৱালপাৰাত ৫ গৰাকী হিতাধিকাৰীক লঘু বাহন প্ৰদান
গোৱালপাৰাত ৫ গৰাকী হিতাধিকাৰীক লঘু বাহন প্ৰদান

চৰকাৰে এই আঁচনিৰ জৰিয়তে ২৫ শতাংশ ৰেহাই দিয়াৰ কথাও উল্লেখ কৰে জিলা উপায়ুক্ত গৰাকীয়ে । জিলাখনৰ ৮৫ জন হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিছে বুলি জানিবলৈ দিয়ে বৰ্ণালী ডেকাই ।

গাঁৱৰ নিবনুৱা যুৱকসকলে যাতে চাকৰিৰ অভাৱত ঘৰতে বহি থাকিব নালাগে, তেওঁলোকে যাতে উপাৰ্জনৰ নতুন পথ বিচাৰি পায়, তাৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি গ্ৰহণ কৰিছে । লগতে এই আঁচনিখন গ্ৰামাঞ্চলৰ ৰাইজৰ যাতায়াত সুচল কৰাৰ বাবে ৰূপায়ণ কৰা হৈছে ।

লগতে পঢ়ক:চিৰাঙত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.